Child Labour Rescue : নাৰেংগীৰ এটা ফ্লেটৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 8:37 PM IST

thumbnail

গুৱাহাটী, ৪ অক্টোবৰ : বন কৰা শিশুক গৰম ইস্ত্ৰি লগাই নিৰ্যাতন চলোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ মহানগৰীৰ নাৰেংগী অঞ্চলৰ এটা ফ্লেটৰ পৰা উদ্ধাৰ হৈছে আন এটি শিশু শ্ৰমিক ৷ এক গোপন তথ্যৰ ভিত্তিত চাইল্ড লাইন, শ্ৰম আয়োগে নুনমাটি আৰক্ষীৰ সহযোগত অভিযান চলাই নাৰেংগী তিনিআলিৰ জিৎ এপাৰ্টমেন্টৰ ষষ্ঠ মহলাৰ C3 ফ্লেটৰ পৰা এগৰাকী ১০ বছৰীয়া কন্যা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে ফ্লেটটোৰ বাসিন্দা তথা ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়া জনৈক ভট্টাচাৰ্যৰ ঘৰত শিশুটিয়ে দীৰ্ঘদিন ধৰি ঘৰুৱা কাম-বন কৰি আহিছিল ৷ ফ্লেটটোৰ একাংশ বাসিন্দাৰ অভিযোগৰ ভিত্তিত চাইল্ড লাইন আৰু শ্ৰম আয়োগে শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ফ্লেটটোৰ বাসিন্দা জনৈক ভট্টাচাৰ্য উপাধিৰ লোকজনে শিশুটিক নিৰ্যাতন চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে অভিযানকাৰী দলটোৱে সংবাদ মাধ্যমৰ আগত এই কথা কোৱাৰ পৰা বিৰত থাকে ৷ 

লগতে পঢ়ক : Govt employee detained: দহ হাজাৰ ঘোচ বিচাৰি তিনি হাজাৰ লওঁতেই হাতে-লোটে ধৰা পৰিল জুনু কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.