সোণাৰি, ২০ ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰিত বিজেপি নেতাৰ চৰম সিদ্ধান্ত । সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকাই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৰজাপুখুৰী পঞ্চায়তৰ সমীপতে থকা ৰাজহুৱা প্ৰেক্ষাগৃহত দেৱজিত হাজৰিকাই চিপজৰী লৈ আত্মহত্য়া কৰে ।
কি কাৰণে এই ঘটনা পঞ্চায়তৰ সভাপতিজনে সংঘটিত কৰিলে সেই কথা জানিব পৰা হোৱা নাই যদিও দেৱজিত হাজৰিকাৰ আত্মহত্যাৰ বাবে পত্নীয়ে দোষ ঠেলিলে দুটা সংবাদ মাধ্যমলৈ । ইয়াৰ পিচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
মৃত ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকা চৰাইদেউ জিলা বিজেপিৰ এজন অতি সক্ৰিয় নেতা আছিল । ইতিমধ্যে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে যদিও বিগত কেইটামান মাহৰ পৰা পঞ্চায়তৰ কিছু আঁচনিৰ কামক লৈ ৰাজ্যত এটা আগশাৰীৰ টেলিভিচন চেনেল আৰু এটা প'ৰ্টেল চেনেলে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰিছিল ।
ইয়াৰ পিচতেই জিলা আয়ুক্তই এই সন্দৰ্ভত তদন্ত কৰে । তদন্তৰ কোনো ধৰণৰ ফলাফল লাভ কৰা নাছিল পঞ্চায়ত সভাপতিজনে। কিন্তু ইয়াৰ পাচতো বাতৰি সম্প্ৰচাৰিত কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতিজনৰ পত্নীৰ । এই ঘটনাটোৰ পাচতে ঘটনাস্থলীত পত্নীয়ে কান্দি কান্দি সকলো কথা বিৱৰি কৈছে সংবাদ মাধ্যমত ।
ৰাজ্যৰ দুটাকৈ সংবাদ মাধ্যমে পৰিকল্পিতভাৱে সংবাদ পৰিৱেশন কৰি মানসিক ভাবে হাৰাশাস্তি কৰাৰ অভিযোগ কৰি পঞ্চায়ত সভাপতিজনৰ পত্নী মৌচুমী হাজৰিকাই কয়, "ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰি আছো, এবাৰ ৰিচিভ কৰক, মই কাতৰ আহ্বান জনাইছো ।" লগতে এই ঘটনাক উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে মৌচুমী হাজৰিকাই ।
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)