এক দেশ, এক নিৰ্বাচন হ'লে খৰচ বহুত লাঘৱ হ'ব : ভৱেশ কলিতা - One Nation One Election

By ETV Bharat Assamese Team

Published : 14 hours ago

thumbnail
‘‘এক দেশ, এক নিৰ্বাচন’’ প্ৰস্তাৱক অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে (ETV Bharat Assam)

ৰঙিয়া, 19 ছেপ্টেম্বৰ : দেশৰ নিৰ্বাচনক লৈ মোদী চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত ৷ বুধবাৰে ‘‘এক দেশ, এক নিৰ্বাচন’’ প্ৰস্তাৱক অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে । ‘‘এক দেশ, এক নিৰ্বাচন’’ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাই ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

মোদী চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনাই তেওঁ কয়, "নৰেন্দ্ৰ মোদী চৰকাৰৰ কেবিনেটে আজি এক বৃহৎ ঘোষণা কৰিছে । প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰা হৈছিল । সেই প্ৰতিবেদনমৰ্মে কেবিনেটে এক দেশ, এক নিৰ্বাচনৰ সিদ্ধান্ত লৈছে । আমিও আদৰণি জনাইছো । এক দেশ, এক নিৰ্বাচন হ'লে খৰচ বহুত লাঘৱ হ'ব । দেশখনৰ বাবে এয়া মংগলদায়ক কথা । সেয়েহে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে তেখেতৰ কেবিনেটক মই ধন্যবাদ জ্ঞাপন কৰিছো ।"

লগতে পঢ়ক : ‘এক দেশ, এক নিৰ্বাচন’ ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন; এই প্ৰক্ৰিয়াৰ সুবিধা-অসুবিধাসমূহ জানো আহক - One Nation One Election

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.