ETV Bharat / bharat

হয় হিংসা ত্যাগ কৰক, নহ'লে আত্মসমৰ্পণ কৰক; অন্যথা পৰিণতি বিষম : কাক সকীয়নি অমিত শ্বাহৰ ? - Operation Against Naxals

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Amit Shah To Naxals : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে মাওবাদীসকলক হিংসা ত্যাগ কৰিবলৈ আহ্বান জনায় । তেওঁ অস্ত্ৰ সম্বৰণ কৰি আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই কয় যে অন্যথা তেওঁলোকৰ বিৰুদ্ধে সৰ্বাত্মক অভিযান চলোৱা হ'ব । ছত্তীশগড়ৰ বস্তাৰৰ মাওবাদী হিংসাৰ ভুক্তভোগীসকলৰ এটা দলে যন্তৰ-মন্তৰত ন্যায় আৰু শান্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ এদিন পিচতে তেওঁ এই বিবৃতি দিয়ে ।

Amit Shah To Naxals
গৃহ মন্ত্ৰী অমিত শ্বাহ (ANI Photo)

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : ছত্তীশগড়ৰ বস্তাৰৰ মাওবাদী হিংসাত নিহতসকলৰ পৰিয়ালৰ এটা দলে তেওঁলোকৰ অঞ্চলত ন্যায় আৰু শান্তি প্ৰতিষ্ঠাৰ দাবীত যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ এদিন পিচত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদীসকলৰ বিৰুদ্ধে সৰ্বাত্মক অভিযান আৰম্ভ কৰাৰ বিষয়ে এক স্পষ্ট বিবৃতি দিয়ে । তেওঁ কয় যে যদি মাওবাদীয়ে যদি হিংসা ত্যাগ কৰাৰ তেওঁৰ আহ্বানক আওকাণ কৰে তেন্তে ইয়াৰ ভয়ানক পৰিণতি হ'ব ।

উল্লেখ্য যে, বৃহস্পতিবাৰে ছত্তীশগড়ৰ নক্সাল হিংসাৰ বলি হোৱা ৫৫ গৰাকী লোকে ‘‘বস্তাৰ শান্তি সমিতি’’ৰ বেনাৰত কৰ্তব্য পথত প্ৰতিবাদ সাব্যস্ত কৰে আৰু দুপৰীয়া যন্তৰ-মন্তৰলৈ সমদল উলিয়ায় । বস্তাৰ শান্তি সমিতিৰ সমন্বয়ক মংগুৰাম কাৱাদে কয়, "আমি দাবী কৰো যে বস্তাৰবাসীৰ আহ্বান শুনিব লাগে আৰু আমাৰ লোকসকলক এই নিৰন্তৰ হিংসাৰ পৰা মুক্ত কৰিব লাগে ।"

জলকীয়া চপোৱাৰ পিচত ঘৰলৈ উভতি অহা ১৮ বছৰীয়া গুডডুৰাম লেকামে মাৰ্চ মাহত মাওবাদীয়ে জংঘলত স্থাপন কৰা এটা লেণ্ডমাইনত ভৰি দিয়াত তেওঁ ভৰিখন হেৰুৱাইছিল । বোমাটো বিস্ফোৰণৰ ফলত তেওঁ ভৰিখন হেৰুৱাবলগা হয় । আনহাতে, তিনিটা সন্তানৰ মাতৃ মমতা চোৰীয়ে (৩৫) কয়, "আমাৰ গাঁৱৰ মহিলাসকল সুৰক্ষিত নহয় । তেওঁলোকে আনকি আমাৰ ঘৰৰ বাহিৰলৈও অকলে ওলাব নোৱাৰে । আনহাতে, আমাৰ অঞ্চলৰ ছোৱালীবোৰৰ বাবে সঠিক শিক্ষাৰ সুবিধা নাই ।"

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অমিত শ্বাহে শুকুৰবাৰে মাওবাদীসকলক হিংসা ত্যাগ কৰিবলৈ আৰু অস্ত্ৰ সম্বৰণ কৰি আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায় । আনহাতে, ছত্তীশগড়ৰ পৰা অহা নক্সাল হিংসাৰ বলি হোৱাসকলক ৰাষ্ট্ৰীয় ৰাজধানীত থকা তেওঁৰ বাসগৃহত সাক্ষাত কৰি অমিত শ্বাহে আশ্বাস দিয়ে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত মাওবাদীক ভাৰতৰ পৰা নিশ্চিহ্ন কৰা হ'ব ।

অমিত শ্বাহে লগতে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত নক্সাল হিংসা আৰু আদৰ্শ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । "মই মাওবাদীসকলক হিংসা ত্যাগ কৰিবলৈ, অস্ত্ৰ সম্বৰণ কৰিবলৈ আৰু উত্তৰ-পূবৰ উগ্ৰপন্থীসকলে কৰা দৰে আত্মসমৰ্পণ কৰিবলৈ অনুৰোধ জনাইছো । যদি আপোনালোকে মোৰ আহ্বান নুশুনে, তেন্তে এই বিপদ সমাপ্ত কৰিবলৈ শীঘ্ৰেই সৰ্বাত্মক অভিযান চলোৱা হ'ব ।" অমিত শ্বাহে কয় ।

উল্লেখ্য যে, বৰ্তমান মাওবাদীৰ বিষয়টো ছত্তীশগড়ৰ মাত্ৰ চাৰিখন জিলাতে সীমাবদ্ধ হৈ আছে । এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে তেওঁলোকৰ অভিযানত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । তেওঁ কয় যে মোদী প্ৰশাসনে পশুপতিনাথ, নেপাল, তিৰুপতি আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত কৰিড'ৰ নিৰ্মাণৰ বাবে মাওবাদীৰ যি পৰিকল্পনা সেয়া বিফল কৰিছে ।

"শীঘ্ৰেই ৰাজ্য প্ৰশাসনৰ ঘনিষ্ঠ সহযোগিতাত গৃহ মন্ত্ৰণালয়ে নক্সাল হিংসাৰ দ্বাৰা প্ৰভাৱিত ছত্তীশগড়ৰ বাসিন্দাসকলৰ বাবে এক কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰিব ।" অমিত শ্বাহে লগতে কয় ।

লগতে পঢ়ক :অশান্তজৰ্জৰ মণিপুৰৰ পূব ইম্ফলত উদ্ধাৰ ৭ টাকৈ আই ই ডি - Manipur Violence
লগতে পঢ়ক : ভাৰত-ম্যানমাৰ সীমান্তত ৩১ হাজাৰ কোটিটকীয়া বেৰ; কেবিনেট কমিটীৰ অনুমোদন - India Myanmar Border

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.