Child deadbody recover: ঢেকীয়াজুলিত সন্ধানহীন হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ - Child body recover in Dhekiajuli
🎬 Watch Now: Feature Video

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত সন্ধানহীন হৈ থকা এটি শিশুৰ মৃতদেহ উদ্ধাৰ(Child body recover in Dhekiajuli) । ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ঘগৰা কছাৰী গাঁৱৰ চাৰি বছৰীয়া শিশুটি শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাৰ পৰা সন্ধানহীন হৈ আছিল । অৱশেষত শনিবাৰে পুৱা নিৰুদ্দেশ হোৱা শিশুটিৰ মৃতদেহ ওচৰৰে এটি পুখুৰীত উদ্ধাৰ কৰা হয়(body recover in pond) । ঘটনাৰ বিৱৰণি অনুসৰি, ঢেকীয়াজুলিৰ ঘগৰা কছাৰী গাঁৱৰ নিৱাসী খুমচাৰ বসুমতাৰীৰ চাৰি বছৰীয়া পুত্ৰ দৈচাং বসুমতাৰী হঠাৎ সন্ধানহীন হোৱাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিছিল যদিও শিশুটিৰ কোনো শুংসূত্ৰ লাভ নকৰাত তেওঁলোকে ঢেকীয়াজুলি আৰক্ষীৰ কাষ চাপিছিল ৷ ইয়াৰ পাছতে ঢেকীয়াজুলি আৰক্ষীয়ে SDRF ৰ সহায়ত পৰিয়ালটোৰ ঘৰৰ কাষত থকা পুখুৰীটোত অভিযান চলাই শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:32 PM IST