1 rupee Doctor: মাত্ৰ ১ টকাত চিকিৎসা সেৱা আগবঢ়াইছে এজন চিকিৎসকে

By

Published : Feb 8, 2023, 8:22 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী: মাত্ৰ ১ টকাত চিকিৎসা ৷ হয় ঠিকেই শুনিছে ৷ অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ৷ বৰ্ধিত মুদ্ৰাস্ফীতিৰ সময়ত চিকিৎসা লাভ কৰাটো অত্যন্ত ব্যয়বহুল হৈ পৰিছে । চিকিৎসাৰ ব্যয়ো বাঢ়িছে । চিকিৎসকৰ মাচুলৰ পৰা ঔষধলৈকে সকলোৰে মূল্য বৃদ্ধি পাইছে । কিন্তু আজি আমি আপোনালোকৰ আগত এনে এজন চিকিৎসকৰ কথা ক’বলৈ ওলাইছো যিজন চিকিৎসকে মানুহক সেৱা আৰু নিষ্ঠাৰ মনোভাৱেৰে চিকিৎসা কৰি আহিছে । চিকিৎসকজনে তেওঁৰ ক্লিনিকলৈ অহা ৰোগীসকলৰ পৰা মাত্ৰ এটকা মাচুল লৈ চিকিৎসা কৰি আহিছে(Chhattisgarh 1 rupee doctor) ।

ছত্তীশগড়ৰ ৰায়পুৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় আম্বেদকাৰ হাস্পতালত(Ambedkar Hospital ) মুখ্য চিকিৎসা বিষয়া হিচাপে কৰ্মৰত হৈ আছে ড৹ বিনয় বাৰ্মা(Doctor Vinay Verma) ৷ তেওঁ বিগত ৪ বছৰৰ পৰা মাত্ৰ ১ টকা মাচুল লৈ ৰোগীসকলক তেওঁৰ ক্লিনিকত চিকিৎসা প্ৰদান কৰি আহিছে ৷ কৰ‘ণাৰ সময়ছোৱাত যেতিয়া ৰোগীয়ে চিকিৎসাৰ বাবে বিচনা পোৱা নাছিল, ব্যয়বহুল মাচুল পৰিশোধ কৰিব লগা হৈছিল, সেই সময়ছোৱাত তেওঁ ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সিদ্ধান্ত লৈছিল । এই অনুসৰি তেওঁ পুৱা ৮ বজাৰ পৰা ১০ বজালৈ আৰু দিনৰ ১১ বজাৰ পৰা ১ বজালৈ কে কে ৰোডস্থিত ক্লিনিকত এই সেৱা আগবঢ়ায় । 

ছত্তীশগড়ত প্ৰচলিত পৰম্পৰা অনুসৰি কিবা ল’লে তাৰ বিনিময়ত কিবা দিব লাগে ৷ যাৰ বাবে চিকিৎসকজনে বিনামূলীয়া চিকিৎসাৰ নামত ৰোগীৰ পৰা ১ টকাৰ মাননি লৈ আহিছে(1 rupee doctor in Raipur) ৷ মাননিৰ এই ধন তেওঁ সমাজ সেৱাত ব্যয় কৰে ৷ তেওঁ আৰ্থিকভাৱে একেবাৰে দুৰ্বল লোকসকলক বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰে ৷ একেসময়তে তেওঁ সংকটজনক অৱস্থাত কোনো ৰোগী আহিলে তেওঁলোকক নিজৰ নিৰীক্ষণত আম্বেদকাৰ হাস্পতালত চিকিৎসা কৰে ৷

চিকিৎসক ড৹ বিনয় বাৰ্মাই মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ(Chhattisgarh CM Bhupesh Baghel) পৰা এই চিকিৎসালয়খন(Government hospital) আৰম্ভ কৰিবলৈ অনুপ্ৰেৰণা পোৱাৰ কথা জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰোগীৰ সুবিধাথে হাৰ্ট বজাৰ ক্লিনিক আৰু এমএমইউ উপলব্ধ কৰিব পাৰিলে, এজন চিকিৎসক হিচাপে তেওঁ ১ টকাত ৰোগীক চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ কথা ব্যক্ত কৰে ৷ 

লগতে পঢ়ক: First in India: অসম চৰকাৰৰ বাল্যবিবাহ বিৰোধী পদক্ষেপক আদৰণী কৈলাশ সত্যাৰ্থী ফাউণ্ডেচনৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.