Bihu World Record: মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত বিহুৱা-নাচনীক প্ৰদান কৰিব মাননি - Bihu dance for World record

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2023, 1:50 PM IST

ডিব্ৰুগড়,১ জুলাই: ১৪ এপ্ৰিলত একেলগে দহ হাজাৰ নাচনী-ঢুলীয়াই বিহু নাচি বিশ্ব দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰিছিল । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে উপস্থিত আছিল এই অনুষ্ঠানত । বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়া প্ৰায় ১৪১৮ গৰাকী নাচনী আৰু ঢুলীয়াক ডিব্ৰুগড় মানকটা খেলপথাৰত ১ জুলাই অৰ্থাৎ আজি ৰাজহুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান কৰিব ।  

ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠানৰ সভাৰ প্ৰাকমুহূৰ্তত দেখা গ'ল এক আৱতৰীয়া বিহুৰ পৰিৱেশ । কেইবাগৰাকীও নাচনীয়ে নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । চৰকাৰৰ এই প্ৰচেষ্টাই অসমৰ যুৱক-যুৱতীসকলক উৎসাহিত কৰিব বুলিও কয় প্ৰমাণপত্ৰ আৰু মাননি ল'বলৈ অহা নাচনী-ঢুলীয়া সকলে । 

লগতে পঢ়ক: Methanol export process started in Assam: আজিৰে পৰা ভূটান, নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি হ’ব মিথানল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.