ডাঙৰি কঢ়িয়াই চৰ্চিত গোলাঘাটৰ এগৰাকী যুৱতী, উচ্চ শিক্ষিতা হৈয়ো চয়নিকাই নকৰে কালৈকো লাজ - Chayanika Borah in Golaghat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-12-2023/640-480-20312785-thumbnail-16x9-golaghat.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 20, 2023, 2:05 PM IST
|Updated : Dec 20, 2023, 2:59 PM IST
গোলাঘাট, 20 ডিচেম্বৰ : উচ্চ শিক্ষিত হ’ল বুলিয়ে ঘৰৰ কাম বন নকৰি চাকৰিৰ পাচত দৌৰি ফুৰা যুৱক-যুৱতীৰ বাবে উদাহৰণ হৈ পৰিছে গোলাঘাটৰ এগৰাকী যুৱতী ৷ কোনে কয় ডাঙৰি কঢ়িওৱা কাম কেৱল পুৰুষেহে কৰে বুলি ! ভাত বনোৱা বা ধান কটাই যে মহিলাসকলৰ কাম বুলি আজিৰ দিনত কোনে কয় ! পুৰুষৰ খোজত খোজ মিলাই চলা আজিৰ দিনৰ মহিলা একোতে পিছ পৰি থকা নাই ৷
তাৰে এক উদাহৰণ হৈছে গোলাঘাটত জিলাৰ খুমটাই সমষ্টিৰ গণকপুখুৰীৰ চৰলা তিনিআলিৰ গাঁৱৰ উচ্চ শিক্ষিত যুৱতী চয়নিকা বৰা ৷ উচ্চ শিক্ষিতা হৈয়ো চয়নিকা বৰ্তমান ব্যস্ত হৈ পৰিছে খেতি পথাৰত ৷ ধান দোৱাৰ লগতে ডাঙৰি কঢ়িওৱাতো পিতৃক সহায় কৰি আহিছে চয়নিকাই ৷ উল্লেখ্য যে, স্বাস্থ্যজনিত সমস্যাত ভুগি আছে চয়নিকাৰ পিতৃ ৷ সেয়ে পিতৃক সহায়ৰ বাবে চয়নিকাই কান্ধত তুলি লৈছে ডাঙৰিৰ ভাৰ ৷ বান্ধি লৈছে ডাঙৰি আৰু এভাৰ এভাৰকৈ পথাৰৰ পৰা ঘৰলৈ আনিছে আনিছে ধান ৷ চয়নিকাৰ ডাঙৰি বন্ধা বা কঢ়িওৱাই দৃশ্যই সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে ৷
লগতে পঢ়ক ; শালিধান কাটিলে অতুল বৰাই, বাকী আছে ন খাবলৈহে !