thumbnail

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 11:49 AM IST

ETV Bharat / Videos

এসপ্তাহৰ অন্তত সুজিতৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

মৰাণ, 25 ডিচেম্বৰ : অৰুণাচলৰ টিৰাপ এগৰাকী যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ প্ৰায় উৱলি যোৱা মৃতদেহটো সোণাৰি নগৰৰ সমীপবৰ্তী টিয়ক ৰজাবাৰী চাহ বাগিচাৰ সুজিত বৰাইকৰ বুলি চিনাক্ত হৈছে । উল্লেখ্য যে, টিয়ক ৰজাবাৰী চাহ বাগিচাৰ সুজিত বৰাইক নামৰ যুৱকজনক দুসপ্তাহ পূৰ্বে হান্নান নামৰ এজন ব্যক্তিয়ে পকা মিস্ত্ৰীৰ যোগালি কৰিবলৈ অৰুণাচললৈ লৈ গৈছিল ৷ 

অৰুণাচলত কাম কৰি থকা মাজতে যুৱকজন এসপ্তাহৰ পূৰ্বে সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ৷ সন্ধানহীন হোৱা পাচতে পৰিয়ালৰ লোকে খা-খবৰ কৰিছিল যদিও কোনো খবৰ পোৱা নাছিল ৷ তাৰ পিচতে শনিবাৰে যুৱকজনৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয় ৷ 

এই ঘটনা পোহৰলৈ অহাৰ পিচতে পৰিয়ালৰ লোকে অৰুণাচলৰ টিৰাপৰ স্থানীয় আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰিছে যদিও আৰক্ষীৰ পৰা কোনো ধৰণৰ সহযোগিতা লাভ কৰা নাই বুলি জানিবলৈ দিছে । যুৱকজনৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: এয়া বনভোজৰ বতৰ, লোকাৰণ্য ভৈৱৰকুণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.