thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:01 PM IST

ETV Bharat / Videos

Chandrayaan 3: চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং টেলিকাষ্টৰ স্ক্ৰীনিঙক লৈ উৎফুল্লিত শিক্ষাৰ্থী

গুৱাহাটী,২৩ আগষ্ট: সৰ্বত্ৰে কেৱল উৎকণ্ঠা । মাজত মাত্ৰ কেইটামান মুহূৰ্ত । সকলো ঠিকেই থাকিলে এক নতুন ইতিহাসৰ সাক্ষী হ'ব বিশ্ববাসী । 
বিশ্বৰ মহাকাশ অভিযানৰ ক্ষেত্ৰখনৰ বহু প্ৰশ্নৰ উত্তৰ দিব ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে । মহানগৰীৰৰ বিদ্যালয়বোৰৰৰ লগতে 
গুৱাহাটীৰ তাৰকাগৃহতো দেখা গৈছে উৎফুল্লিত পৰিৱেশ । দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়াকৈ চন্দ্ৰত চন্দ্ৰযান-৩ ৰ ছফ্ট লেণ্ডিঙৰ মুহূৰ্ত দেখুৱাৰ ব্যৱস্থা কৰিছে তাৰকাগৃহৰ কৰ্তৃপক্ষই ।

আজি কিছু সময় পিচতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-৩ । সন্ধিয়া ৬.৪ মিনিটৰ অৱতৰণ কৰা এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়সমূহলৈ আহ্বান জনাইছে । শিক্ষানুষ্ঠানসমূহ সন্ধিয়া ৬.৩০ বজালৈ খোলা ৰখাৰ লগতে চন্দ্ৰযান-৩ ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং টেলিকাষ্ট শিক্ষাৰ্থী, শিক্ষাগুৰুসকলক প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনাইছিল চৰকাৰে ।

ৰাজ্য চৰকাৰৰ এই নিৰ্দেশ অনুসৰি মহানগৰীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চন্দ্ৰযান ৩ ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং টেলিকাষ্ট দেখুৱাৰ ব্যৱস্থা কৰা হৈছে । যাক লৈ শিক্ষাৰ্থী তথা শিক্ষাগুৰুসকল উৎফুল্লিত হৈ পৰিছে । আনহাতে গুৱাহাটী তাৰকা গৃহত ৫.২৭ মিনিটৰ পৰা চন্দ্ৰযান ৩-ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং টেলিকাষ্ট প্ৰদৰ্শন কৰা হ’ব ।

লগতে পঢ়ক: Chandrayaan 3: চন্দ্ৰযান ৩ অৱতৰণৰ পূৰ্বে উপভোগ কৰক তথ্যচিত্ৰ ‘চন্দ্ৰযান ২ - দ্য লেণ্ডিং; জানি লওক এই ছবিখন কোনটো অ’টিটিত চাব পাৰিব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.