Chandrayaan-3: চন্দ্ৰযান-৩ অৱতৰণৰ আনন্দত বুৰ গ'ল মাজুলী - চন্দ্ৰযান৩ অৱতৰণৰ আনন্দত বুৰ গল মাজুলী
🎬 Watch Now: Feature Video


Published : Aug 23, 2023, 8:17 PM IST
মাজুলী, ২৩ আগষ্ট: এক বিৰল দৃশ্যৰ সাক্ষী হ'ল বিশ্ববাসী । সমগ্র ৰাজ্যৰ লগতে মাজুলীৰ বিদ্যালয়ে বিদ্যালয়ে দেখা গ'ল চন্দ্ৰযান-৩ অৱতৰণৰ আনন্দ উল্লাস । মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে । বিদ্যালয়খনত একেলগে ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে উপভোগ কৰিলে এই বিৰল দৃশ্য ।
ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়খনত এই দৃশ্য উপভোগ কৰে মাজুলী সহকাৰী আয়ুক্ত সংগীতা বৰুৱাই । এই বিৰল দৃশ্যৰ সাক্ষী হ'বলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিল । চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাচতেই সকলোতে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে ।
এই সফল অভিযানৰ দ্বাৰা ইতিহাস ৰচিলে ভাৰতে ৷ যাক লৈ আজি গৰ্বিত প্ৰতিজন ভাৰতীয় ।
লগতে পঢ়ক:Chandrayaan-3: ৰাজ্যবাসীক গৌৰৱান্বিত কৰি চন্দ্ৰযান-৩ অভিযানৰ অংশ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা