Constituency delimitation: সমষ্টিৰ সম্প্ৰসাৰণক লৈ কোনো আপত্তি নাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
🎬 Watch Now: Feature Video
নলবাৰী, ২৩ জুন: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ সুখী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । নলবাৰীৰ ধৰ্মপুৰত বান পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । ধৰ্মপুৰৰ সাহপুৰ ৰাজঘাটত বান শিবিৰ পৰিদৰ্শন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে মন্ত্ৰী পাটোৱাৰীৰ সমষ্টি বিলুপ্ত হৈ টিহু হোৱাত কোনো আপত্তি নাই বুলি কয় । আয়োগে যি সিদ্ধান্ত লৈছে তাতেই সুখী বুলি কয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
নলবাৰীত বান পৰিদৰ্শন কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে, বন্য়াৰ্তক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰা হ’ব ৷ মথাউৰি নিৰ্মাণ সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু মথাউৰি সমূহ পকী পথৰ দৰে নিৰ্মাণ কৰা হ’ব যাতে সহজতে ভাগি যাব নোৱাৰে ৷
লগতে পঢ়ক: Assam Flood: প্ৰতিখন জিলাৰ আয়ুক্তক ১৮৫ কোটি টকাকৈ পুঁজি মোকলাই দিছে ৰাজ্য চৰকাৰে