টকাৰ বেগ থপিয়াবলৈ গৈ ৰাইজৰ ৰোষত পৰিল চিলনী চোৰ - SBI
🎬 Watch Now: Feature Video
Published : Dec 4, 2023, 7:53 PM IST
বৰপেটা, ৪ ডিচেম্বৰ : বৰপেটাত চিলনী চোৰ আটক ৷ ৰাইজে কৰায়ত্ত কৰে বহিঃৰাজ্যৰ চিলনী চোৰটোক। নতুন কায়দাৰে বেংকৰ গ্ৰাহকৰ পৰা ধন লুটিবলৈ আহিছিল চিলনী চোৰটোৱে ৷ জানিব পৰা মতে বিহাৰৰ পৰা আহি বৰপেটাত বাহৰ পাতিছিল চোৰটোৱে ৷
সোমবাৰে বেংকৰ পৰা গ্ৰাহকে ধন লৈ ঘৰলৈ উভতাৰ সময়ত চেগ বুজি গ্ৰাহকৰ গাত বান্দৰ কেঁকোৱা জাতীয় কিবা বস্তু নিক্ষেপ কৰি ধন লুটিবলৈ চেষ্টা কৰিছিল চোৰটোৱে । কিন্তু গ্ৰাহকজনৰ তৎপৰতাত আৰু ৰাইজৰ সহযোগত চোৰটোক ধৰিবলৈ সক্ষম হয় স্থানীয় লোকে ৷ গ্ৰাহকজনে জানিবলৈ দিয়া মতে, SBI ৰ বৰপেটা বজাৰ শাখাৰ পৰা দুই লাখ বিশ হাজাৰ টকা উলিয়ায় লোকজনে ঘৰলৈ যাবলৈ বাইকত উঠা সময়তে চোৰে টকাখিনি থপিয়াবলৈ এই প্ৰচেষ্টা চলাইছিল ৷
চিলনী চোৰটো বিহাৰৰ কাঠিয়াল জিলাৰ ৰিতেশ সিং বুলি জানিব পৰা গৈছে । সম্প্ৰতি চিলনী চোৰটোক বৰপেটা সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ৷
লগতে পঢ়ক: জিলা কংগ্ৰেছৰ অফিচে অফিচে মাছে-মঙহে বনাইছিল, খাবলৈহে কোনো নাহিল: পীয়ুষ হাজৰীকা