Tea Garden Workers Protest : আমগুৰিৰ বাঘজান চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ - বাঘজান চাহ বাগিচা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 2:59 PM IST

আমগুৰি, ২০ ছেপ্টেম্বৰ : চাহ শ্ৰমিকক শোষণৰ বিৰুদ্ধে বুধবাৰে আমগুৰিৰ বাঘজান চাহ বাগিচাত অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাঘজান চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি শ্ৰমিক সংঘই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাগিচাৰ শতাধিক শ্ৰমিকৰ সহযোগত চাহ মজদুৰ সংঘই বাঘজান চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

শ্ৰমিকক শোষণ বন্ধ কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, এম্বুলেন্সৰ ব্যৱস্থা কৰা, শ্ৰমিকৰ আৱাস গৃহ মেৰামতি কৰা, অনাময় ব্যৱস্থা সুচল কৰি দিয়া, নিৰ্দিষ্ট সময়ত জোতা-চেণ্ডেল-ত্ৰিপালৰ ব্যৱস্থা কৰা, শিক্ষা সুনিশ্চিত কৰাকে ধৰি বহুকেইটা সমস্যা সমাধানৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ শ্ৰমিকক শোষণ বন্ধ কৰক, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক, মেনেজমেন্ট হুচিয়াৰ, চাহ শ্ৰমিকক অত্যাচাৰ বন্ধ কৰক শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে ৷  

বৰষুণকো নেওচি প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ এঘণ্টা সময় ধৰি বাঘজান বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি ৰাখে ৷ প্ৰতিবাদৰ অন্তত বাঘজান বাগিচাৰ পৰিচালকৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰেই এই সমস্যা সমূহ সমাধানৰ দাবী জনায় ৷ অন্যথা পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ 

লগতে পঢ়ক : ATTSA Press Meet in Dibrugarh: শ্ৰম বিভাগৰ জননীয়ে ক্ষোভৰ অগনি জ্বলাইছে উজনি অসমৰ চাহ বাগানত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.