thumbnail

Assam Bihu Dancers:ধেমাজিত বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান

By

Published : Jun 30, 2023, 5:35 PM IST

ধেমাজি,30 জুন: ধেমাজিত বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান ৷ বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ মানসেৰে অসম চৰকাৰে বিগত ৰঙালী বিহুৰ সময়ত সৰুসজাইৰ বুকুত ৰচিলে বিশ্ব অভিলেখ ৷ বিশ্ব অভিলেখত অংশগ্ৰহাণকাৰী বিহুৱা-বিহুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰৰে ৷ 

প্ৰতিশ্ৰুতি অনুসৰি শুকুৰবাৰে বিশ্ব অভিলেখৰ অংশীদাৰ হোৱা ধেমাজি জিলাৰ বিহুৱা-বিহুৱতীক প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত সদৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ আৰু মাননি বিতৰণ কৰে মন্ত্ৰী অতুল বৰাই ৷ অনুষ্ঠানত উপস্থিত আছিল শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু ৷ অনুষ্ঠানতে উপস্থিতিত জিলাখনৰ ৪১১ গৰাকী বিহুৱা-বিহুৱতীক প্ৰদান কৰা হয় প্ৰমাণ পত্ৰ আৰু বেংক একাউন্টৰ যোগে মাননিৰ ধনৰাশি ৷ 

লগতে পঢ়ক:Constituency Delimitation 2023:সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ ৰাইজৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.