Khelo India Hockey in Kaliabor: কলিয়াবৰত খেল' ইণ্ডিয়া হকীৰ প্ৰথমটো কেন্দ্ৰ মুকলি - Khelo India Hockey in Kaliabor

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 29, 2023, 12:31 PM IST

কলিয়াবৰ, ২৯ জুলাই: অসমত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে খেল' ইণ্ডিয়া হকী কেন্দ্ৰ । শুক্ৰবাৰে কলিয়াবৰৰ মিছাত শুভ উদ্ধোধনী কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তথা হকী ইণ্ডিয়াৰ অন্যতম সদস্য তপন দাস ।  

উক্ত কেন্দ্ৰটোৱে ভাৰত চৰকাৰৰ পৰা খেলুৱৈ সকলৰ বাবে বছৰি ৫ লাখ টকাকৈ লাভ কৰিব । এই ধন অসম চৰকাৰৰ যোগেদি কেন্দ্ৰটোৱে লাভ কৰিব । এই কেন্দ্ৰটোৰ বাবে এজন প্ৰশিক্ষককো আনুষ্ঠানিকভাৱে নিয়োগ কৰিছে জিলা ক্ৰীড়া বিষয়াই । শুভ উদ্ধোধনী অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে জিলা ক্ৰীড়া বিষয়া মানস প্ৰতিম দাসে ।

অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে অসম জিমনাষ্টিক সন্থাৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাকে প্ৰমুখ‍্য কৰি কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল । পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জিলাত হকীৰ ৫ টা কেন্দ্ৰ মুকলিৰ প্ৰস্তুতি চলিছে বুলি মন্তব্য কৰিছে অসম হকী সন্থাৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক:Dhodar Ali Road : ধোদৰ আলিৰ দুৰৱস্থা; শংকিত নামতিবাসী

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.