Central Karam Sammelan at Tingkhang:টিংখাঙত কেন্দ্ৰীয় কৰম সন্মিলনৰ লাইখুঁটা স্থাপন

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:40 PM IST

thumbnail

মৰাণ, ২৫ আগষ্ট : টিংখাঙত কেন্দ্ৰীয় কৰম সন্মিলনৰ আয়োজন । বৃহত্তৰ টিংখাংবাসী ৰাইজৰ উদ্যোগত ৰাজগড় চাহ বাগিচা খেলপথাৰত অহা ১৬ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই কেন্দ্ৰীয় কৰম সন্মিলন । এই সন্মিলনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । শুকুৰবাৰে আনুষ্ঠানিকভাৱে কৰম সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় ।  

পৰম্পৰাগত মাদল আৰু ঝুমুৰ নৃত্যৰ আনন্দ উল্লাসৰ মাজেৰে লাইখুঁটা স্থাপন কৰে ৰাজগড় চাহ বাগিচাৰ পৰিচালিকা হিমাদ্ৰী বেনাৰ্জীয়ে । এই অনুষ্ঠানত আছাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰুস্তম কুজুৰ,শিক্ষাবিদ মণিৰাম হেমৰঙকে আদি কৰি বহু সংখ্যক বিশিষ্ট লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । কেন্দ্ৰীয় কৰম সন্মিলনৰ দুয়োটা দিনৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক:Protest in Biswanath: লক্ষ্মী ওৰাঙক বিক্ৰী কৰি পল্লৱ লোচন দাস বিধায়ক-মন্ত্ৰী-সাংসদ হৈছে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.