National Sports day: সৰুপথাৰত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন - সৰুপথাৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন
🎬 Watch Now: Feature Video
Published : Aug 30, 2023, 8:56 PM IST
সৰুপথাৰ, 30 আগষ্ট: ৰাষ্ট্ৰীয় সেৱা বাহিনী অৰ্থাৎ এন এছ এছৰ উদ্যোগত মঙলবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয় ৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ সৰুপথাৰ মহাবিদ্যালয় গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰে। এই দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দৌৰ, ৰছী টনা, বেডমিন্টন ইত্যাদি খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ তত্বাৱধানত থকা অধ্যাপক অগ্নি বাহাদুৰ ছেত্ৰীৰ নেতৃত্বত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় ৷ খেলা-ধূলাই মানুহৰ শৰীৰৰ সুস্থ কৰি ৰখাত ভূমিকা গ্ৰহণৰ কথা উল্লেখ্য কৰে অধ্যাপকগৰাকীয়ে । উল্লেখযোগ্য যে হকী খেলুৱৈ ধ্যান ছান্দৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় । এই দিনটোত বিভিন্ন বয়সৰ জনতাই কাবাডী, মাৰাথন, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰে।
লগতে পঢ়ক :Penchak Silat: চিলাপথাৰত পেঞ্চাক চিলাট্ সংস্থাৰ উদ্যোগত খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ