Pavarana festival of Buddhist: বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ প্ৰৱাৰণা উৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 8:47 AM IST

thumbnail

গোলাঘাট, 30 অক্টোবৰ : ধনশিৰি মহকুমাৰ সৰুপথাৰৰ ৰজাপুখুৰী তুৰুং গাঁৱত অৱস্থিত ‘অশোক বিহাৰত’ বৌদ্ধসকলৰ পৰম্পৰাগত প্ৰৱাৰণা উৎসৱ অনুষ্ঠিত হয় । মূলত পূৰ্ণিমা তিথিত এই উৎসৱ অনুষ্ঠিত কৰা হয় ।  প্ৰৱাৰণা উৎসৱক টাই ভাষাত অকৱা আৰু পুতুৱা নামেৰেও জনা যায় ৷ বৰ্ষাকালৰ তিনিমাহ বৰ্ষাবাস হিচাবে গণ্য কৰা হয় ৷ প্ৰৱাৰণা উৎসৱত বৰ্ষাবাসত থকা ভিক্ষুসকলে তিনিমাহৰ অন্তত অষ্টশীল, পঞ্চশীল আদি গ্ৰহণ কৰে । বৌদ্ধ ধৰ্মাৱলম্বী টাইসকলৰ ভিক্ষুসকল হৈছে সমাজৰ বাবে পূজনীয় ব্যক্তি ।

বৰ্ষাবাসৰ তিনিটা মাহ ভিক্ষুসকলে নিৰ্দিষ্ট বিহাৰ (তুৰুংসকলৰ উপাসনাস্থলী)ত থাকি অষ্টশীল গ্ৰহণ কৰে । বিশেষকৈ খেতি-বাতিৰ সময়ত নিৰ্দিষ্ট স্থানতে থাকি তিনিমাহ বৌদ্ধ ধৰ্মৰ নীতি পালন কৰা হয় । ৰজাপুখুৰী তুৰুং গাঁৱত অৱস্থিত 'অশোক বিহাৰত' দেওবাৰ, 29 অক্টোবৰৰ সন্ধিয়া প্ৰৱাৰণা উৎসৱৰ অন্তিম দিনা উৎসৱমুখৰ পৰিৱেশত ৰকেট সদৃশ 'ফুংফাই' (আকাশ বন্তি) আকাশ মাৰ্গলৈ নিক্ষেপ কৰে । প্ৰতিটো মাহৰে পূৰ্ণিমা, অমাৱস্যা তিথিত তেওঁলোকে একেলগে লগ হৈ বৌদ্ধ বিহাৰত প্ৰাৰ্থনা জনায় ৷

প্ৰৱাৰণা উৎসৱৰ দিনটোত সকলোৱে ১০০০ বন্তি প্ৰজ্বলন কৰে অশোক বিহাৰত । সমাজৰ পৰা অপায়-অমংগল নাশ কৰাৰ বিশ্বাসেৰে তেওঁলোকে 'ফুংফাই'(আকাশ বন্তি) উৰুৱায় । এটা জাতিৰ মেৰুদণ্ড হৈছে জাতিটোৰ সংস্কৃতি । নিজ সংস্কৃতি বৰ্তাই ৰখাটো এটা সংস্কৃতিবান জাতিৰ পৰিচয় । বৌদ্ধসকলে অতীজৰে পৰা এই প্ৰৱাৰণা উৎসৱ পালন কৰি ঐতিহ্য ধৰি ৰাখিছে ৷

লগতে পঢ়ক : Garakhiya Bhog in Golaghat: খুমটাইত ৫০ হাজাৰ ভক্তই আগবঢ়ালে গৰখীয়া ভোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.