Junmoni Rabha death case : নগাঁৱত বাহৰ পাতি চিবিআইয়ে অব্যাহত ৰাখিছে তদন্ত - SI Junmoni Rabha

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 18, 2023, 1:51 PM IST

নগাঁও,১৮ জুন : এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছে চিবিআইয়ে । দেওবাৰে পুনৰ চিবিআইয়ে জোনমণি ৰাভাৰ মাতৃ অথৱা পৰিয়ালৰ অন্য লোকৰ ভাষ্য গ্ৰহণৰ সম্ভাৱনা আছে । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰখা চিবিআইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত এটা দলে ইতিমধ্যে জোনমণি ৰাভাৰ বাসগৃহত উপস্থিত হৈ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা আৰু পৰিয়ালৰ লোকৰ ভাষ্য গ্ৰহণ কৰিছিল ।

ইফালে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ উপস্থিত হোৱা চিবিআইৰ টেকনিকেল এক্সপাৰ্টৰ এটা দলেও দেওবাৰে পুৱাই নগাঁও আৱৰ্ত ভৱনৰ পৰা ৰাওনা হৈছে । সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰি চিবিআইৰ দল কেইবাটাও ভাগত বিভক্ত হৈ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।

লগতে পঢ়ক :Junmoni Rabha death case update: "অসমৰ মন্ত্ৰী, আৰক্ষীয়ে কৰিব নোৱাৰা কাম লাভলী কাটিয়াৰে" কৰি দেখুৱালে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.