Cattle syndicate:বিলাসীপাৰা আৰক্ষীৰ অভিযানত ১২ টা উন্নত জাতৰ গৰুসহ বলেৰ’ বাহন জব্দ
🎬 Watch Now: Feature Video
বিলাসীপাৰা, 15 ছেপ্টেম্বৰ : ৰাজ্যত চোৰাঙকৈ অব্যাহত আছে গৰুৰ ৰমৰমীয়া বেহা । নিতৌ ন ন কৌশলেৰে ভিতৰুৱা চৰ অঞ্চলেদি চোৰাঙভাৱে গো মাফিয়াই চলাই গৈছে গৰুৰ ৰমৰমীয়া বেহা ।
বিলাসীপাৰা মহকুমাৰ মায়াৰচৰৰ ভিতৰুৱা চৰ অঞ্চলেদি চুবুৰীয়া ৰাজ্য বাংলাদেশত গো-ধন সৰবৰাহ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । শুকুৰবাৰৰ পুৱাতে গৰুৰ এই চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষীয়ে চলাই এক অভিযান । অভিযানত মায়াচৰৰ পৰা জব্দ কৰে ১২ টা কৈ উন্নত জাতৰ গৰু ।
নায়েৰ আলগা আৰক্ষী আৰু স্থানীয় ৰাইজৰ নেতৃত্বত চলে এই অভিযান । অভিযানত ১২ টা গৰু সহ AS 17C 6069 নম্বৰৰ বলেৰ’ বাহনখন জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীক দেখা মাত্ৰকে পলাই যাবলৈ সক্ষম হয় গো মাফিয়া । সম্প্ৰতি জব্দকৃত বাহনসহ গৰুসমূহ বিলাসীপাৰা থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Cattle Syndicate: ৰাণীগঞ্জত গৰু বেপাৰীলৈ আৰক্ষীৰ গুলী; টম টমত গৰু সৰবৰাহৰ চেষ্টা
Cattle smuggling in Assam: মধ্য অসমত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ
Cattle Smuggling: গৰুভৰ্তি ট্ৰাক জব্দ ; সৰবৰাহকাৰীক আটক কৰিবলৈ যোৱা কনিষ্টবল আহত