Cattle smuggling: বিহালীত উৎখাত গৰু চোৰ চক্ৰ, 32 টা গৰু উদ্ধাৰ

By

Published : Jul 4, 2023, 9:31 PM IST

thumbnail

বিহালী, 4 জুলাই : বিশ্বনাথ জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান ৷ আৰক্ষীয়ে এই অভিযানৰ পিচতে ইখনৰ পিচত সিখন চোৰাংভাৱে গৰু কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে মঙলবাৰে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটত বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভুচিং বে’ৰ নেতৃত্বত চলা এক নাকা চেকিঙত গৰু ভৰ্তি পাঁচখন বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

বিহালী আৰক্ষীৰ নাকাচেকিঙত পুৱা প্ৰায় 8 বজাত জোনাইৰ পৰা নগাঁৱলৈ আনি থকা অৱস্থাত পাঁচখন বলে'ৰ পিক আপ বাহনত ৮ জন লোক সহ সৰ্বমুঠ ৩২ টা গৰু উদ্ধাৰ কৰে ৷ যদিও এটা গৰু মৃত অৱস্থাত লাভ কৰে আৰক্ষীয়ে । এই পাঁচখন বাহনৰ নম্বৰ AS-O7-BC-4311,AS-22-C 9361, AS-07-BC-7020,AS-22-C-9042 . আন এখন নম্বৰ বিহীন গাড়ী।

উল্লেখ্য যে, বিগত সময়ত বিহালীত ২ শতাধিক গৰুসহ বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল বিহালী আৰক্ষী ।

লগতে পঢ়ক: Suicide in Guwahati: প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ প্ৰেমিকাৰ আত্মহত্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.