নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা যাত্ৰীবাহী বাছৰ - কঁহৰা আদৰ্শ চিকিৎসালয়
🎬 Watch Now: Feature Video

কাজিৰঙাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Bus accident in Kaziranga) ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিঁত থকা কালভাৰ্টত খুন্দা মাৰে এখন যাত্ৰীবাহী আলট্ৰা বাছে ৷ তেজপুৰৰ পৰা ডিমাপুৰলৈ গৈ থকা অৱস্থাত AS05AC1116 নম্বৰৰ বাছখন দুৰ্ঘটনাত পতিত হয় ৷ এই বাছ দুৰ্ঘটনাত কেবাগৰাকী লোক আহত হয় (Many people injured in bus accident) ৷ আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ কঁহৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে ঘটনাস্থলীত উদ্ধাৰ অভিযানত নামি পৰিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ গুৱাহাটীৰ পৰা মৰিয়নীলৈ গৈ থাকোঁতেই পথ দুৰ্ঘটনা হোৱা স্থানত নিজৰ বাহন ৰখাই আঘাতপ্ৰাপ্ত লোকসকলক কঁহৰা আদৰ্শ চিকিৎসালয়লৈ নিয়াত সহায় কৰে বিধায়কগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST