Flood in Assam : বুঢ়ীদিহিঙৰ বাঢ়নীপানীত বুৰিল মৰাণৰ জোন গাঁও; অসহায় বানাক্ৰান্ত

🎬 Watch Now: Feature Video

thumbnail

মৰাণ, ১৮ জুলাই : নেৰেনেপেৰা বৰষুণৰ পাছতে ওফন্দি উঠিছে বুঢ়ীদিহিং নদী । প্ৰতিবছৰৰ দৰে এইবাৰো ঠায়ে ঠায়ে কালৰূপ ধাৰণ কৰিছে নৈখনৰ বাঢ়নীপানীয়ে । যাৰ বাবে মৰাণ সমষ্টিৰ জোন গাঁৱত এতিয়া বানৰ বিভীষিকা । বুঢ়ীদিহিং নদীৰ বাঢ়নীপানীয়ে বুৰাই পেলাইছে হালধিবাৰী পঞ্চায়তৰ অন্তৰ্গত জোন গাঁৱৰ বিস্তৃত অঞ্চল । মিচিং জনগোষ্ঠীৰ লোকৰ বসতিস্থল হিচাপে পৰিচিত অঞ্চলটোত বানৰ তাণ্ডৱলীলাত দিশহাৰা এতিয়া অঞ্চলবাসী ।

অঞ্চলটোৰ পথ-পথাৰ সকলো পানীৰ তলত । যাতায়াত তথা যোগাযোগ বিছিন্ন হৈ পৰিছে । নাও, কলৰ ভূৰ লৈ হাট-বজাৰ কৰিছে বানাক্ৰান্তই । কিন্তু বানাক্ৰান্তৰ কাষত নাই জনপ্ৰতিনিধি তথা প্ৰশাসনৰ লোক । অঞ্চলটো বানত বুৰি থকাৰ এসপ্তাহ পাৰ হ'ল যদিও আজিলৈকে বান সাহায্যও পোৱা নাই তেওঁলোকে । যাৰ বাবে একপ্ৰকাৰে অসহায়বোধ কৰিছে বানাক্ৰান্তই ।

আনহাতে, কৃষিপ্ৰধান অঞ্চলটোত অভাৱ ঘটিছে পশু খাদ্যৰো । উল্লেখযোগ্য যে প্ৰতিবছৰে বানত সৰ্বস্বান্ত হয় মৰাণ সমষ্টিৰ জোন গাঁৱৰ বৃহত্তৰ অঞ্চলটো । বুঢ়ীদিহিং নদীৰ পানী বঢ়াৰ লগে লগে নদীৰ পানী সোমাই ডুব যায় অঞ্চলটো । দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধানৰ বাবে জলসম্পদ বিভাগ তথা কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবছৰে বানৰ কবলত পৰি আহিছে বিস্তীৰ্ণ অঞ্চলটো ।

কিন্তু এইসকল বানাক্ৰান্ত ৰাইজৰ কথা চিন্তা কৰিবলৈ ৰজাঘৰীয়াৰ কেতিয়া আহৰি হয় সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Erosion in Assam: নলবাৰীৰ লাৰকুছিত মথাউৰিত তীব্ৰ খহনীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.