thumbnail

By

Published : May 24, 2023, 11:02 PM IST

ETV Bharat / Videos

Theft in Narayanpur: নাৰায়ণপুৰত দিন দুপৰতে চোৰৰ চাফাই অভিযান

বিহপুৰীয়া, ২৪মে': লখিমপুৰৰ নাৰায়ণপুৰত দিন দুপৰতে চোৰৰ টিঘিলঘিলনি । বুধবাৰে ভৰ দুপৰীয়াতে চোৰে চলালে চাফাই অভিযান । নাৰায়ণপুৰৰ ১ নং ৱাৰ্ডত ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ তলা ভাঙি চোৰে লুটি নিলে সা-সম্পত্তি (Theft in Narayanpur) । মাধৱদেৱ কলাক্ষেত্ৰৰ নিকতৱৰ্তী জিতু বৰুৱাৰ বাসগৃহত দিন দুপৰতে চোৰে প্ৰৱেশ কৰি লুটি নিয়ে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে সাঁচতীয়া ধনৰ টোপোলা (Burglary at teachers house in Narayanpur) ৷  

ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । লক্ষণীয়ভাৱে নকল সোণ নকল টকাৰ ঘাটি হৈ পৰা লখিমপুৰ জিলাৰ পৰা এই সমূহ কু-কৰ্ম নিশেষ কৰাৰ উদ্দেশ্যৰে শেহতীয়াকৈ জিলাখনলৈ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে দক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আনন্দ মিশ্ৰক (Lakhimpur SP Anand Mishra) ।  

আই পি এছ আনন্দ মিশ্ৰই সোমবাৰে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাচতে কঁপনি উঠিছিল লখিমপুৰৰ অপৰাধ জগতত ৷ পিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অপৰাধৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি এক্সন মুডত অভিযান চলাবলৈ আৰম্ভ কৰাৰ পাছতে নগৰ এলেকাত চোৰৰ দপদপনিত চিন্তিত হৈ পৰিছে নাৰায়ণপুৰবাসী ৷ 

লগতে পঢ়ক: History of Assam tea: আজিও অৱহেলিত অসমৰ চাহৰ উদ্ভাৱক চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.