Preparation for Bhogali Bihu: ধেমাজিত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি

By

Published : Jan 11, 2023, 1:27 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
নঙলামুখত অসমীয়াৰ হেপাঁহৰ বাপতি সাহোন ভোগালী বিহু (Assamese people celebrating Bhogali bihu) ৷ ভোগৰ উৎসৱক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্ততি ৷ ভেলাঘৰ, মেজিৰ সমান্তৰালভাৱে ভোগালীৰ জলপানৰ বাবে অতিকৈ প্ৰয়োজনীয় ম’হৰ এঠা দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ম’হখুটিৰ ম’হ পালকসকলে (farmers of Mohkhuti are busy preparing curd) ৷ ধেমাজি ভেবেলীৰ সোণোৱাল গাঁৱৰ জগত কছাৰী নামৰ উচ্চ শিক্ষিত ম’হ পালকজনকে ধৰি গাখীৰ ব্যৱসায়ীৰ লগতে অঞ্চলটোৰ ম’হ গুৱালসকলৰ ব্যস্ততাৰ অন্ত নাই ৷ কাৰণ ভোগালী বিহুলৈ মাজত যে আৰু দুটামান দিনহে বাকী ৷ সেয়ে ম’হ পালকজনৰ খুটিত গ্ৰাহকৰ অৰ্ডাৰ অনুসৰি টিং, টেকেলি আৰু পাত্ৰত গাখীৰ ভৰাবলৈ আৰম্ভ কৰিছে ৷ পূৰ্বতকৈ অধিক অৰ্ডাৰ লাভ কৰিছে বুলি জানিবলৈ দিয়ে ম’হ পালকজনে ৷ বিহুৰ বাবে দৈৰ লগতে প্ৰস্তুত কৰিছে সুস্বাদু ক্ৰীমো ৷ ম’হ পালকগৰাকীৰ খুঁটিত আছে ১০০ জনী ম’হ ৷ দৈনিক উৎপাদিত হয় 60 লিটাৰ গাখীৰ ৷ এইবাৰ বিহুৰ বাবে দুই কুই্ন্টল গাখীৰৰ অৰ্ডাৰ লাভ কৰিছে ম’হ পালকগৰাকীয়ে ৷ এই নিৰ্ভেজাল গাখীৰ ধেমাজি জিলাৰ উপৰিও ঢকুৱাখানা, ডিব্ৰুগড়, লক্ষীমপুৰ আৰু গুৱাহাটীলৈও যায় বুলি উল্লেখ কৰে ম’হ পালকগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.