BTR social welfare scheme: ২৬ হাজাৰ দিব্যাংগৰ বাবে অভিলাষী আঁচনি গ্ৰহণ বি টি আৰ চৰকাৰৰ - BTR Govt
🎬 Watch Now: Feature Video

বৰপেটা, ৩০ জুন: বি টি আৰৰ ২৬ হাজাৰ দিব্যাংগলৈ আশাৰ ৰেঙণি ৷ দিব্যাংগসকলক আৰ্থিকভাৱে সবলীকৰণ কৰি স্বনিৰ্ভৰশীল কৰাৰ বাবে বি টি আৰ চৰকাৰৰ অভিলাষী প্ৰকল্প ৷ প্ৰতি বছৰে ২০০ দিব্যাংগক ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আৰু ১০০ দিব্যাংগক ই-ৰিক্সা প্ৰদান কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে বি টি আৰ চৰকাৰে ৷
বাক্সাৰ বেন্নীবাৰীত থকা বড়োলেণ্ড গেষ্ট হাউচৰ প্ৰাঙ্গনত অনুষ্ঠিত এখন সভাত শুকুৰবাৰে এই আঁচনিখনৰ শোভাৰম্ভ কৰে BTR প্ৰধান প্ৰমোদ বড়োয়ে ৷ ইফালে বি টি আৰত থকা প্ৰায় ২৬ হাজাৰ দিব্যাংগক পৰ্যায়ক্ৰমে পৰিচয় পত্ৰ প্ৰদান কৰি সকলোকে এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও জানিবলৈ দিয়ে বি টি আৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷ এই আঁচনিৰ পাচত এতিয়া উৎফুল্লিত হৈ পৰিছে দিব্যাংগসকল ৷
লগতে পঢ়ক: Assam flood update: বানৰ প্ৰভাৱ হ্ৰাস পালেও সীমাহীন দুখ-দুৰ্গতিৰ মাজত বানাক্ৰান্ত ৰাইজ