BTR chief Pramod Boro in Rangia: সংবাদ মাধ্যমক সীমাৱদ্ধতাত থাকি কাম কৰাৰ উপদেশ প্ৰমোদ বড়োৰ - Assam
🎬 Watch Now: Feature Video
ৰঙিয়া,29 জুলাই: বিগত কিছু দিনৰ পৰা সংবাদ মাধ্যমত বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জিতু দাস কেলেংকাৰিত জড়িতৰ বাতৰি প্ৰকাশ হৈ আছে ৷ সমগ্ৰ বিষটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । সংবাদ মাধ্যমক এটা সীমাৱদ্ধতাত থাকি বাতৰি পৰিৱেশন কৰিব লাগে বুলি অনুৰোধ জনাই এই সন্দৰ্ভত বড়োৱে কয়, ‘ সকলোতে পজিটিভ আৰু নিগেটিভ থাকে ৷ বিধায়ক হিচাপে ভৱেশ কলিতাই ৰঙিয়াখন বহুত সলনি কৰি দিলে ৷ যথেষ্ট কাম কৰিছে তেওঁ ৷ আগৰ ৰঙিয়া টাউন কি আছিল এতিয়া ৰঙিয়া টাউন কি হ’ল আপোনালোকে চাওঁক ৷ সমগ্ৰ অসমৰ কাৰণে কাম কৰা এজন ব্যক্তিক সামান্য কথাত ইফালে টানি নিব নালাগে ৷ এই ক্ষেত্ৰত সংবাদ মাধ্যমে লিমিটত থাকি কাম কৰিব লাগে ৷’
আগন্তুক নিৰ্বাচনৰ সম্পৰ্কত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচতে নিৰ্বাচনৰ কাৰণে আমি আকৌ বেলেগকৈ নিৰ্বাচনৰ বাবে অংক কৰিব লাগিব বুলি মই নাভাবো ৷ অসমৰ প্ৰতিটো সমস্যা বাদ পৰা নাই তেখেতৰ ওচৰত ৷ তেওঁৰ নেতৃত্ব কাম কৰিবলৈ পাই মই গৌৰাম্বিত ৷’
লগতে পঢ়ক:BTR Chief Pramod Bodo: অসাৱধান মন্তব্যই সমাজত বিশৃংখলতা সৃষ্টি কৰিব পাৰে ;BTR প্ৰধান প্ৰমোদ বড়ো