Brutal murder at Naharni: নৃশংস হত্যাকাণ্ডক লৈ ডিব্ৰুগড়ত চাঞ্চল্য় - One killed in a mob attack

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 4, 2023, 6:39 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

ডিব্ৰুগড়,৪ ফ্ৰেব্ৰুৱাৰী: নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে চেপনৰ নাহৰণী । ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপন নাহৰণী গাঁৱৰ দহ বস্তিত শুকুৰবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড(Brutal murder at Naharni in Dibrugarh) । দলবদ্ধ আক্ৰমণত নিহত হয় এগৰাকী ব্যক্তি(One killed in a mob attack) । ইফালে মৃত ব্যক্তিগৰাকীৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা(Woman injured in mob attack) । 

স্থানীয় লোকে জনোৱা অনুসৰি শুক্ৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত মূল অভিযুক্ত গাওবুঢ়া বাউৰী নামৰ ৪০ বছৰীয়া লোকজনৰ নেতৃত্বত অহা প্ৰায় ১০-১৫ জনীয়া এটা দলে মনিৰাম বাউৰী নামৰ ৬৫ বছৰীয়া লোকজনক নিজৰ ঘৰৰ সন্মুখতে দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে । ১০-১৫ জনীয়া দলটোৰ আক্ৰমণৰ পৰা বাচিবলৈ লোকজনে পলাবলৈ চেষ্টা চলাই যদিও মনিৰাম বাউৰী সাৰি নগ'ল আক্ৰমণকাৰী দলটোৰ হাতৰ পৰা । 

দাৰে ঘঁপিয়াই ঘঁপিয়াই হত্যা কৰে লোকজনক । ইফালে ঘটনাটি প্ৰত্যক্ষ কৰি মনিৰাম বাউৰীৰ প্ৰাণ ৰক্ষা কৰিবলৈ দৌৰি যায় মনিৰাম বাউৰীৰ বোৱাৰীয়েক । কিন্তু দুৰ্বৃত্তৰ দলটোৱে মৃত লোকজনৰ বোৱাৰীয়েক গীতা বাউৰীকো আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে । ফলত দলবদ্ধ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় মনিৰাম বাউৰীৰ বোৱাৰীয়েক গীতা বাউৰী । মাটি বাৰী সংক্ৰান্তীয় বিবাদৰ পৰিণতিতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । 

লগে লগে ঘটনা সংক্ৰান্তত খবৰ দিয়া হয় আৰক্ষীক । ঘটনাৰ পিছতে নিশাই ঘটনাৰ মূল অভিযুক্ত গাঁওবুঢ়া বাউৰীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইফালে মৃতদেহটো বৰ্তমান আৰক্ষীয়ে নিজৰ জিন্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।  আহত গীতা বাউৰী বৰ্তমান চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত । ঘটনাক লৈ বৰ্তমানেও তীব্ৰ উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত । 

লগতে পঢ়ক: World Cancer Day 2023 : ধেমাজিত বিশ্ব কৰ্কট দিৱসৰ কাৰ্যসূচী, ৰাইজলৈ বৰষাৰাণী বিষয়াৰ আহ্বান

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.