Dr Bhupen Hazarika statue unveiled : ধেমাজিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:46 PM IST

thumbnail

ধেমাজি,৪ নৱেম্বৰ : ধেমাজি জিলাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত উন্মোচন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি । ৫ নৱেম্বৰ অৰ্থাৎ কাইলৈ সুধাকণ্ঠৰ মৃত্যু দিৱস । তাৰ প্ৰাকক্ষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এই প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্য হাজৰিকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে ড৹ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো ৷

ইফালে উন্মোচিত প্ৰতিমূৰ্তিৰ কাষতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শীঘ্ৰে প্ৰতিষ্ঠা কৰিব ভূপেন হাজৰিকা সংগ্ৰহালয় । য'ত সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ লগতে তেখেতৰ জীৱন দৰ্শন সম্পৰ্কেও নতুন প্ৰজন্মই অধ্যয়ন কৰাৰ সুবিধা পাব ৷ আনহাতে উন্মোচিত প্ৰতিমূৰ্তিৰ কাষতে সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰ স্থাপন কৰি সেই স্থানত এক মুকলি মঞ্চ প্ৰস্তুত কৰিবলৈ আয়ুক্তক আহ্বান জনোৱা হ'ব বুলিও অনুষ্ঠানত সিদ্ধান্ত লোৱা হয় । প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মীৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :Silver Jubilee Celebration : ২৫ বছৰীয়া হ’ল চিলাপথাৰ টাউন কলেজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.