Embankment at Kumatia : চপৰা চপৰে খহিছে ধেমাজিৰ নৱনিৰ্মিত এটা মথাউৰি
ধেমাজি, 15 জুন : মাত্ৰ এজাক বৰষুণ ৷ এজাক বৰষুণতে চপৰা-চপৰে খহিছে নৱনিৰ্মিত এটা মথাউৰি ৷ আনকি মথাউৰিটোত সৃষ্টি হৈছে বৃহৎ বৃহৎ ৰেইন কাটৰ ৷ এই লৈ চিন্তিত হৈ পৰিছে এতিয়া স্থানীয় ৰাইজ ৷ আমি কৈ থকা এই মথাউৰিটো আছে ধেমাজি কুমটীয়া বাওঁপাৰৰ গোৰথালী চাপৰি ৷
এজাক বৰষুণতে চপৰা চপৰে খহিছে 2 নং গোহাঁই গাঁৱত সদ্য নিৰ্মাণ হোৱা ধেমাজি জীয়াঢল নদীৰ কুমটীয়া বাওঁপাৰৰ মথাউৰিটো । বাৰিষা সময়ত সংশ্লিষ্ট বিভাগটোৰ ঠিকাদাৰে কাম কৰাৰ বাবেই এই গতি হৈছে মথাউৰাটো ৷ মথাউৰিৰ কাষৰ বহু অংশত কাৰ্পেটিং নকৰাৰ বাবেই হুৰাহুৰে বৰষুণৰ পানীয়ে খহাই নিছে মথাউৰিৰ বালি মাটি ৷
ফলত আগন্তুক ভৰ বাৰিষাৰ দিনকেইটাক লৈ চিন্তিত হৈ পৰিছে দুই নং গোহাইগাঁও, আদৰ্শ গাঁও, পেহীয়তী আদি নৈ পৰীয়া ৰাইজ ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷
লগতে পঢ়ক : Flood in Lakhimpur : যিকোনো মূহুৰ্ততে ছিগিব পাৰে লখিমপুৰৰ ৰঙানদীৰ ৩৬২ কোটি টকীয়া মথাউৰি