thumbnail

By

Published : Jun 22, 2023, 8:10 PM IST

ETV Bharat / Videos

Bridge constructed by Locals: ৰজালৈ বাট নাচাই প্ৰজাই গাঁঠিৰ ধনেৰেই কৰিলে দলং নিৰ্মাণ

মাণিকপুৰ,২২ জুন: উন্নয়নৰ জয়ঢোল বজোৱা চৰকাৰখনে প্ৰকৃততে ৰাজ্যৰ চুকে-কোণে উন্নয়ন কৰিছেনে ? দীৰ্ঘদিনে এখন দলঙৰ বাবে জ্বলা-কলা খাই থকা জনতাই উন্নয়নৰ মুখ দেখিছেনে ? চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাইছে ৰাজ্যৰ বাট-পথ তথা দুৰ্বল দলঙসমূহে । বাৰম্বাৰ আবেদন নিবেদনৰ পাছতো কাণসাৰ নিদিলে চৰকাৰ তথা জনপ্ৰতিনিধিয়ে । সেয়ে, জনপ্ৰতিনিধিৰ আশা বাদ দি ৰাইজে নিজেই নিৰ্মাণ কৰিলে দলং ।  

জানিব পৰা মতে মাণিকপুৰৰ ১ নং ভাণ্ডাৰাৰ পৰা জামদহা সংযোগী দলংখন দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল । অৱশেষত চৰকাৰ তথা জনপ্ৰতিনিধিৰ আশা বাদ দি ৰাইজে নিৰ্মাণ কৰিলে দলং । যোৱা কেইবাবছৰ ধৰি বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং ভাণ্ডাৰাৰ পৰা জামদহা সংযোগী দলংখন জৰাজীৰ্ণ হৈ আছিল ।  

স্থানীয় ৰাইজে দলংখন নিৰ্মাণৰ দাবীত চৰকাৰ তথা স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আজিলৈকে নিৰ্মাণ ন'হল দলংখন । যাৰ ফলত বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে শশ ছাত্ৰ ছাত্ৰীয়ে চৰম যন্ত্ৰণা ভুগিবলগা হৈছিল । অৱশেষত স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ আশা বাদ দি ৰাইজে হাতে কামে দলং নিৰ্মাণৰ আৰম্ভ কৰে । ৰাইজৰ দান বৰঙণিৰে ঠাইখনত দলং নিৰ্মাণ কৰিবলগীয়া হোৱাত স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে ৰাইজে । শীঘ্ৰে এখন পকী দলঙ দাবী কৰে ৰাইজে । 

লগতে পঢ়ক: Teok Poor Road Condition: "প্ৰতিশ্ৰুতি দিলেই নহ’ব, হাতে কামে কৰিবও লাগিব"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.