Bricks price hike: দৰঙত ইটাৰ অভাৱনীয় মূল্যবৃদ্ধি - Bricks price hike

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 14, 2023, 7:59 PM IST

দৰং, 14 এপ্ৰিল: দৰঙত আকাশলংঘী হৈছে ইটাৰ মূল্য (Bricks price hike)। যোৱা 10 দিনত ইটাৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি হোৱাত জলা-কলা ভুগিছে জিলাখনৰ লোকসকলে ৷ জিলাখনত প্ৰথমে ইটাৰ মূল্য 10 হাজাৰ টকাকৈ আছিল ৷ এতিয়া প্ৰতিহজাৰ ইটাৰ মূল্য 10 হাজাৰৰ পৰা  পৰা 15/16 হাজাৰলৈ বৃদ্ধি হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জিলাখনত (Bricks price hike in Darrang)৷ 

জিলাখনত হঠাতে দহ দিনত ক’ত, কেনেকৈ ইটাৰ দাম বৃদ্ধি হ’ল এয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে ৷ দৰঙৰ ছিপাঝাৰ, দুমুনিচকী, ৰামহৰি, ছপাই, জনাৰাম চ'ক,হৰিণ খোজা, বেজপাৰা আদিকে ধৰি বহু কেইখন ঠাইত আছে বহু কেইটা ইটা ভাটা আছে । এনেদৰে হোৰা হোৰে ইটাৰ দাম বৃদ্ধি হোৱাত এতিয়া মূৰে কঁপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতাই ।  

লগতে পঢ়ক: Protest in Guwahati : ৰঙালী বিহুৰ প্রাক্ ক্ষণত চচলত অনশনত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজ

ইফালে ইটা ভাটাসমূহে বিভাগীয় গাইড লাইন উলংঘা কৰাৰ বৃহৎ অভিযোগ উত্থাপন হৈছে । আনকি, ইটাৰ আকাৰ পূৰ্বতকৈ সৰু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বহু ভাটাৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ NOC নথকাৰ অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি এই অভিযোগৰ পিচতে ইয়াৰ সন্দৰ্ভত তদন্ত হ’বনে নাই প্ৰশ্ন উত্থাপন হৈছে ৷ আনকি ইটাৰ কৃত্ৰিম নাটনি যদি সঁচাকৈয়ে সৃষ্টি হৈছে ইয়াৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে এনেকৈয়ে নিমাত হৈ থাকিব সেয়া হ’ব লক্ষ্যণীয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.