BPF Rally in Kajalgoan: শ্ৰীৰামপুৰ গেটত প্ৰমোদ বড়োৱে চলাইছে ছিণ্ডিকেট; হাগ্ৰামা

By

Published : Apr 8, 2023, 10:00 PM IST

thumbnail

চিৰাং, ৮ এপ্ৰিল: চিৰাং জিলাৰ কাজলগাঁৱত শনিবাৰে বিপিএফৰ উদ্য়োগত এক পদযাত্ৰা উলিওৱা হয় । এই পদযাত্ৰাত সহস্ৰাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে (BPF meeting in Kajalgaon) । বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰীৰ উপস্থিতিত কাজলগাঁৱৰ জিলা বিপিএফ কাৰ্যালয়ৰ পৰা এক বিশাল পদযাত্ৰা উলিওৱা হয় (BPF President Hagrama Mohilary)। বিপিএফৰ এই পদযাত্ৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাজলগাঁও বজাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত উপস্থিত হয় (BPF procession in Chirang) । 

উক্ত স্থানত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাখনত অংশগ্ৰহণ কৰি দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিতে বিপিএফ দলে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয় । আজি কাজলগাঁও ব্লক বিপিএফৰ উদ্যোগত আয়োজিত পদযাত্ৰাৰ অন্তত আয়োজিত সভাত বিটিচিৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে, বিঢিচিৰ ধন শৰাধ কৰি এইৱাৰ শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট চলাইছে (Syndicate at Srirampur Gate)।

লগতে পঢ়ক:Jhan Jhan Jhan: গুঃ বিঃৰ লক্ষ্মীনাথ বেজবৰুৱা ছাত্ৰাবাসৰ অনন্য প্ৰয়াস ঝন্ ঝন্ ঝন্ ৰ শুভমুক্তি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.