thumbnail

By

Published : Mar 13, 2023, 5:28 PM IST

ETV Bharat / Videos

Book released in Majuli: দক্ষিণপাট সত্ৰৰ বৈষ্ণৱৰ জীৱনৰ আধাৰত ৰচিত গ্ৰন্থ উন্মোচন

মাজুলী, ১৩ মাৰ্চ: মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত আছে এটি বৰ ভঁৰাল (Book released in Dakshinpat Satra) । এই বৰ ভঁৰালতেই আছে বিভিন্ন ৰজা-মহাৰজাৰ আপুৰুগীয়া সম্পদ । এই বৰ ভঁৰালৰ চোৱাচিতাৰ দায়িত্বত আছে দক্ষিণপাট সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ নৰেন কটকী । এইগৰাকী জ্যেষ্ঠ বৈষ্ণৱ নৰেন কটকীৰ জীৱনৰ আধাৰত ৰচনা কৰা হৈছে "বৰ ভঁৰালীৰ জীৱনৰ বাটে ঘাটে " শীৰ্ষক গ্ৰন্থখন । লখিমী বৰা শইকীয়াই ৰচনা কৰা এই গ্ৰন্থখন দেওবাৰে দক্ষিণপাট সত্ৰত উন্মোচন কৰা হয় ।

দক্ষিণপাট সত্ৰত অনুষ্ঠিত আয়ুসৰ মহিলা সৱলীকৰণ আঁচনিৰ অন্তৰ্গত মহিলাৰ আধ্যাত্মিক কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত "বৰ ভঁৰালীৰ জীৱনৰ বাটে ঘাটে " উন্মোচন কৰা হয় । এই গ্ৰন্থখন উন্মোচন কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামী, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ বৰুৱা আৰু জ্যেষ্ঠ চিকিৎসক মাণিক মিলিয়ে (Vice Chancellor of Majuli Cultural University)।

ইপিনে, দক্ষিণপাট সত্ৰৰ সকলোৰে পৰিচিত বৰ ভঁৰালী নৰেন কটকীৰ জীৱনৰ ওপৰত লিখা গ্ৰন্থখন উন্মোচন কৰা অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই সুখী বুলি কয় বৈষ্ণৱগৰাকীয়ে । বৰ ভঁৰালী নৰেন কটকী কয়, "মোক দিয়া দায়িত্ব সততাৰে পালন কৰা বাবে এইকন সন্মান জনোৱাত যথেষ্ট সুখী হৈছো ।"

লগতে পঢ়ক:HSLC 2023 Science paper leak: পৰীক্ষা দিবলৈ গৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত ছাত্ৰ-ছাত্ৰী হৈ পৰিল হতাশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.