অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সঁহাৰিয়ে উৎসাহিত কৰিছে প্ৰকাশকক

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 5:43 PM IST

thumbnail

গুৱাহাটী, ২ জানুৱাৰী: লোকাৰণ্য হৈ পৰিছে অসম গ্ৰন্থমেলাৰ বাকৰি ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত দেখা গৈছে গ্ৰন্থপ্ৰেমীৰ সোঁত ৷

১২ দিনীয়াকৈ আয়োজন কৰা অসম গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিন । বিগত চাৰিটা দিনত ৮৫ লাখ টকাতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে গ্ৰন্থমেলাত । সমাদৰ লাভ কৰিছে ন-পুৰণি লেখক লেখিকাৰ গ্ৰন্থই । নিজৰ পচন্দৰ গ্ৰন্থ বিচাৰি বিপণিয়ে বিপণিয়ে ভিৰ কৰিছে গ্ৰন্থপ্ৰেমীসকলে ।

বিগত চাৰি দিনৰ সফল ব্যৱসায়ে হাঁহি বিৰিঙাইছে প্ৰকাশকসকলৰ মুখত । প্ৰকাশকসকলে জনোৱা মতে এইবাৰ পঢ়ুৱৈসকলে সকলোধৰণৰ গ্ৰন্থ বিচাৰিছে । শিশু সাহিত্য, উপন্যাস, কালজয়ী সাহিত্য, ধৰ্মীয় গ্ৰন্থ, কাব্যপুথিৰ লগতে জীৱনমুখী গ্ৰন্থ বিক্ৰী হৈছে ।

গ্ৰন্থমেলাৰ আগন্তুক দিনকেইটাত পাঠকৰ সহাঁৰি অধিক লাভ কৰিব বুলি আশাবাদী প্ৰকাশকসকল ।

লগতে পঢ়ক: নৱবৰ্ষৰ পহিলা দিনটোত অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.