Bangaigaon BJP: বঙাইগাঁও জিলা বিজেপিৰ নতুন সভাপতিয়ে ল'লে দায়িত্ব - বিজেপিৰ নতুন সভাপতি হিচাবে উজ্জল কান্তি ৰায়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-10-2023/640-480-19682542-thumbnail-16x9-djvh.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 4, 2023, 10:31 PM IST
বঙাইগাঁও, 4 অক্টোবৰ: বঙাইগাঁৱৰ বৰপাৰাস্থিত বিজেপি জিলা কাৰ্যালয়ত আজি অনুষ্ঠিত এক সভাত জিলা বিজেপিৰ নতুন সভাপতি হিচাবে উজ্জল কান্তি ৰায়ক অনুষ্ঠানিকভাবে দায়িত্ব অৰ্পন কৰা হয় ৷ উক্ত দায়িত্ব অৰ্পন কৰে ভাৰতীয় জনতা পাৰ্টীৰ বঙাইগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভানেত্ৰী হিমানী অধিকাৰীয়ে ৷ উল্লেখ্য যে, যোৱা 2 অক্টোবৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক জাননীৰ জৰিয়তে বঙাইগাঁও জিলা বিজেপিৰ সভাপতি হিচাবে উজ্জল কান্তি ৰায়ৰ নাম ঘোষণা কৰিছিল ৷ সেই অনুসৰি বুধবাৰে বঙাইগাঁৱৰ বৰপাৰাস্তিত বিজেপিৰ জিলা কাৰ্যালয়ত এক গাম্ভীৰ্জপূৰ্ণ সভাৰ জৰিয়তে জিলাখনৰ বিজেপি কাৰ্যকৰ্তাসকলে নতুন জিলা সভাপতিগৰাকীক উষ্ম আদৰণি জনায় ৷ ইয়াৰোপৰি হিমানী অধিকাৰীকো ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা হিচাবে বিজেপি অসম প্ৰদেশে নিযুক্তি দিয়াত বঙাইগাঁও জিলাৰ বিজেপিৰ কৰ্মীসকল উৎফুল্লিত হোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: Amrit kalash yatra: বিলাসীপাৰাত অমৃত কলহ যাত্ৰাৰ বৰ্ণাঢ্য আয়োজন