thumbnail

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:21 AM IST

Updated : Dec 21, 2023, 1:28 PM IST

ETV Bharat / Videos

নগাঁৱত উপস্থিত বলিউড অভিনেতা অনিল কাপুৰ

নগাঁও, ২১ ডিচেম্বৰ: বলিউডৰ অভিনেতা অনিল কাপুৰ বুধবাৰে সন্ধিয়া হঠাৎ উপস্থিত হয় অসমত । নগাঁৱৰ ৰিফ্ৰেছক' ৰিজ'ৰ্টত উপস্থিত হয় বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ ৷ ৰিফ্ৰেছক' ৰিজ'ৰ্টত অসমীয়া থলুৱা খাদ্যৰ জুতি লোৱাৰ ওপৰিও অভিনেতাজনে পৰিদৰ্শন কৰিলে চিনেমা হল । অভিনেতাগৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনায় ৰিফ্ৰেছক' ৰিজ'ৰ্টৰ কৰ্তৃপক্ষই ৷

অতি সংগোপনে নগাঁৱত উপস্থিত হৈ নগাঁৱৰ পৰা কাজিৰঙালৈ ৰাওনা হয় জনপ্ৰিয় অভিনেতাগৰাকী । অসমৰ ৰাইজে এনিমেল ছবি চাই কেনেকুৱা পাইছে সেই বিষয়েও জানিব বিচাৰিলে অভিনেতাগৰাকীয়ে । অনিল কাপুৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল ৰিজ’ৰ্টখনৰ কৰ্মচাৰীসকল ৷ প্ৰিয় অভিনেতাগৰাকীৰ সৈতে ফটোও ল’লে কৰ্মচাৰীসকলে ৷

ইফালে অনিল কাপুৰ এনেদৰে উপস্থিত হোৱাৰ সম্ভেদ পাই অনুৰাগীয়ে ভিৰ কৰে ৰিফ্ৰেছক' ৰিজ'ৰ্টত । প্ৰিয় অভিনেতাগৰাকীক ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰা অনুৰাগীসকল । উল্লেখ্য যে, বলিউড অভিনেতা অনিল কাপুৰে ইয়াৰ পূৰ্বে ২৬ নৱেম্বৰত সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ছবি ‘ফাইটাৰ’ত শ্বুটিঙৰ বাবে তেজপুৰৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হৈছিল ৷

লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত কি ক’লে অভিনেত্ৰী উৰ্ৱশী ৰৌতেলাই শুনক

Last Updated : Dec 21, 2023, 1:28 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.