Durga puja 2023 : 200 বছৰত ভৰি দিলে ডিব্ৰুগড়ৰ বকুল দুৰ্গা পূজাই - ডিব্ৰুগড়ৰ অন্যতম বকুল দুৰ্গা পূজাস্থলী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 2:12 PM IST

ডিব্ৰুগড়, 20 অক্টোবৰ : মা-দেৱী দুৰ্গাক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ ডিব্ৰুগড়তো চলিছে ব্যাপক প্ৰস্তুতি । ডিব্ৰুগড় জিলাখনত আশীখনৰো অধিক পূজা মণ্ডপ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । বিভিন্ন পূজা কমিটীয়ে বিভিন্ন ৰূপ সজ্জাৰে পূজা মণ্ডপ নিৰ্মাণ কৰি ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে । ইয়াৰ সমান্তৰালভাৱে উজনি অসমৰ ডিব্ৰুগড়ৰ অন্যতম বকুল দুৰ্গা পূজাস্থলীতো চলিছে ব্যাপক প্ৰস্তুতি । 

এইবাৰ 200 বছৰত ভৰি দিলে উজনি অসমৰ ডিব্ৰুগড়ৰ অন্যতম শক্তিশালী বকুল দুৰ্গা পূজাই । আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত ডিব্ৰুগড়ত প্ৰাণ পাই উঠিছিল বকুল দুৰ্গা পূজা । লোক বিশ্বাস অনুসৰি উজনি অসমৰ অন্যতম এই পূজাত শক্তি পীঠত দিয়া হৈছিল নৰ বলি । তাৰ পাছতে দুৰ্গা দেৱীৰ চৰণত ভক্তিভাৱেৰে আগবঢ়াই দিয়া হৈছিল ম'হ বলি । 

বৰ্তমানে এই পূজা স্থানত দেৱীৰ চৰণত দিয়া হয় ছাগলী, হাঁহ, কোমোৰা বলি । লোক বিশ্বাস অনুসৰি উজনি অসমৰ অতিকৈ পুৰণি এই পূজা স্থান আজিও জাগ্রত বুলি বিশ্বাস কৰে ভক্তসকলে ।

লগতে পঢ়ক: Durga Puja 2023 : তেজপুৰত মহীষমৰ্দিনী নৃত্যৰে দেৱীক প্ৰতিষ্ঠা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.