thumbnail

By

Published : Aug 11, 2022, 10:39 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

Distributes seedlings to farmers: কৃষকক সকাহ দিবলৈ বিশেষ পদক্ষেপ বোকাখাত মহকুমা কৃষি বিভাগৰ

চলিত বৰ্ষত বানত ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্য বিশেষ পদক্ষেপ হাতত লৈছে বোকাখাত মহকুমা কৃষি বিভাগে ৷ মহকুমাটোৰ বিভিন্ন স্থানত উন্নত মানৰ বাহাদুৰ ছাব ওৱান প্ৰজাতিৰ কঠীয়া সিচাৰ পাছত বুধবাৰে প্ৰথম পৰ্যায়ত ২০ গৰাকী কৃষকক কঠীয়াসমূহ বিতৰণ কৰে বোকাখাত মহকুমা কৃষি বিভাগে (Agriculture department distributes seedlings to farmers in Bokakhat) ৷ ৪০ হেক্টৰ ভূমিত কঠীয়া পাৰিছিল বোকাখাত মহকুমা কৃষি বিভাগে । বোকাখাত মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ চৌহদত থকা বাহাদুৰ চাৱ ওৱান প্ৰজাতিৰ ধানৰ কঠীয়া মহকুমাধিপতি ডাঃ নেহা যাদৱৰ উপস্থিতত কৃষকৰ মাজত বিতৰণ কৰে । মহকুমাটোৰ প্ৰায় সংখ্যক কৃষকে পথাৰত ধান ৰোৱা কাৰ্য সমাপ্ত কৰিছে যদিও কিছু সংখ্যক কৃষকে বৰ্তমানেও কঠীয়াৰ অভাৱত পথাৰত নামিব পৰা নাই । তেনে কৃষকসকলক সকাহ দিবৰ বাবে মহকুমাৰ কৃষি বিভাগে বিনামূলীয়াকৈ বিতৰণ কৰিছে বাহাদুৰ চাৱ ওৱান কঠীয়া ।
Last Updated : Feb 3, 2023, 8:26 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.