ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ - ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ
🎬 Watch Now: Feature Video


Published : Nov 19, 2023, 3:37 PM IST
গুৱাহাটী, 19 নৱেম্বৰ: ষঠ পূজাৰ আনন্দৰ মাজতেই নুনমাটি চূণচালিৰ ষঠ পূজাৰ ঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ কৰা হয় এটা অচিনাক্ত মৃতদেহ । ব্ৰহ্মপুত্ৰৰ বালিত ৰঙা কম্বলেৰে মেৰিয়াই থোৱা আধা পোত খাই থকা অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো । স্থানীয় ৰাইজে মৃতদেহটো প্রত্যক্ষ কৰি নুনমাটি আৰক্ষীক খবৰ দিয়ে ।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ চি আই ডি দল ।আৰক্ষীয়ে গাত খান্দি উদ্ধাৰ কৰে মৃতদেহটো । খান্দি উঠাৰ পিছত উদ্ধাৰ কৰা মৃতদেহটো 15/16 বছৰীয়া কিশোৰৰ বুলি জানিব পৰা গৈছে । স্থানীয় লোক আৰু আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত মৃতদেহটো ওপঙি আহি পানী শুকাই যোৱাৰ ফলত বালিত পোত খাইছে বুলি সন্দেহ ব্যক্ত কৰিছে ।
লগতে পঢ়ক: চহৰৰ মাজমজিয়াত ফটোগ্ৰাফাৰক চোকা অস্ত্ৰৰে আঘাত দুৰ্বৃত্তৰ