নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সমীপত সদ্যোজাতৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 8:09 PM IST

thumbnail

নলবাৰী, ২১ নৱেম্বৰ:নলবাৰীত সংঘটিত হৈছে মানৱ সমাজক ভূ-লুণ্ঠিত কৰা এক ঘটনা । নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সমীপত কোনোবাই পেলাই থৈ গ'ল এটি সদ্যোজাতক । জিলাখনৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ কুন্দৰগাঁওত এখন দলঙৰ তলত মৃত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে শিশুটো ।  

কোনো লোকে নিজৰ কুকৰ্ম ঢাকিবলৈ এইদৰে শিশুটি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । কাপোৰেৰ মেৰিয়াই থোৱা দেৱশিশুটিৰ কাষতে উদ্ধাৰ হৈছে এখনি মোনাও । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘগ্ৰাপাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে  । স্থানীয় লোকৰ সন্দেহ মতে, নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত  জন্ম হোৱা শিশুটিক হত্য়া কৰি কুকৰ্ম ঢাকিবলৈ এখন মেডিকেলৰ কাপোৰেৰে মেৰিয়াই এনেদৰে পেলাই থৈ যায় ।

লগতে পঢ়ক:অভি-নীল হত্যাকাণ্ডৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.