ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ মহিলাৰ মৃতদেহ; পৰিকল্পিত হত্যাৰ সন্দেহ
🎬 Watch Now: Feature Video
যোৰহাট, 27 নৱেম্বৰ : ডকাইতি আৰু আৰক্ষীৰ জিম্মাৰ পৰা ধৰ্ষণৰ গোচৰত অভিযুক্ত কয়দীৰ পলায়নৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছত এইবাৰ যোৰহাটত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷ যোৰহাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷
ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাট মালৌআলিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সোমবাৰে প্ৰায় 50 বছৰৰ উৰ্ধৰ এগৰাকী মহিলাৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ মৃতদেহটো কুকুৰেও ভক্ষণ কৰে বুলি জানিব পৰা গৈছে ৷ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্ত পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে ৷
ইতিমধ্যে পথৰ দাঁতিত উদ্ধাৰ হোৱা মহিলাগৰাকীক চিনাক্ত কৰা হৈছে ৷ মহিলাগৰাকীৰ ঘৰ মালৌআলি বাইপাছৰ সৰলা নগৰত বুলি জানিব পৰা গৈছে ৷ বিগত 15 দিন ধৰি নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী ৷ মহিলাগৰাকীৰ মুখ কাপোৰেৰে বন্ধা আছিল, ইয়ালৈ চাই তেওঁক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক : পুনৰ অপৰাধীলৈ গুলী মহানগৰ আৰক্ষীৰ