thumbnail

By

Published : Mar 23, 2023, 7:29 AM IST

ETV Bharat / Videos

Leopard recovered: সোণাৰিৰ বিষ্ণুপুৰ চাহ বাগিচাত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

মৰাণ, 23 মাৰ্চ: সোণাৰিৰ বিষ্ণুপুৰ চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ ৷ বাগিচাৰ নলাত পৰি নাহৰফুটুকীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ (Body of Leopard recovered at Sonari) ৷  

প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোত কিছু দিন ধৰি নাহৰফুটুকীটোৱে গৰু ছাগলী নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ লগতে স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, গৰু ছাগলী বিছাৰি অহা লোকে চাহ বাগিচাখনৰ নলাত মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰিছিল । পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত বিভাগটোৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।  

বৰ্তমানেও নাহৰফুটুকীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষী আৰু বন বিভাগৰ তদন্তৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ সবিশেষ । উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ নাফুক আঞ্চলিক বন বিভাগৰ অন্তৰ্গত সোণাৰিৰ গোৱালা পথাৰত আতংকৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোয়ে ৷ কেইদিনমান পূৰ্বে চাহ বাগিচাৰ মাজৰ পৰা হঠাৎ ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে এজন লোককো আক্ৰমণ কৰি আহত কৰিছিল (Leopard attacks man)৷ ওচৰৰ বাগিছাত কাম কৰি থকা শ্ৰমিক সকলে চিঞৰ বাখৰ কৰাত বাঘটোয়ে সেই স্থানৰ পৰা পলায়ন কৰিছিল (Tiger terror in Sonari) । ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত বনকৰ্মীৰ দলে আহত লোকজনক উদ্ধাৰ কৰি চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছিল । নাহৰফুটুকীটো বাগিছাখনত বিচৰণ কৰি ফুৰাত আতংকিত হৈ পৰিছিল গঞাঁ ৰাইজ (Leopard attack in Sonari)।

লগতে পঢ়ক:Banned on buffalo import: অসমৰ মাইকী ম’হ ছত্তিশগড়লৈ আমদানি কৰাত নিষেধাজ্ঞা ছত্তিশগড় উচ্চ ন্য়ায়ালয়ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.