Bodoland Taekwondo Championship: কোকৰাঝাৰত বুধবাৰৰ পৰা আৰম্ভ বডোলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

By

Published : Dec 28, 2022, 5:46 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

কোকৰাঝাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ২৮ তম "Kyorugi আৰু নৱম Poomsae" বডোলেণ্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ (All Bodoland Taekwondo Championship) ৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত চিকনাঝাৰ টাইকোৱাণ্ডো জিমনাচিয়ামত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই প্ৰতিযোগিতা ৷ আজি পতাকা উত্তোলন আৰু মাছক’ট মুকলিৰে টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা বড়োলেণ্ড টাইকোৱাণ্ডো সন্থাৰ সভাপতি বিশ্বজিৎ দৈমাৰী আৰু কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷ প্ৰতিযোগিতাৰ প্ৰথমখন খেল মুকলি কৰে বড়োলেণ্ড টাইকোৱাণ্ডো সন্থাৰ মুখ্য কাৰিকৰী বিষয়া এম এল লেপছাই ৷ সদৌ বড়োলেণ্ড টাইকোৱাণ্ডো সন্থাৰ (All Bodoland Taekwondo Association) উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিটিআৰৰ পাঁচখন জিলাৰ লগতে অসম, মেঘালয়ৰ পৰা প্ৰায় ছয় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.