thumbnail

Boat Accident: দিবাং নদীত ভয়ংকৰ নাও দুৰ্ঘটনা, প্ৰায় ৪০ জন যাত্ৰীক উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 11:09 AM IST

Updated : Aug 30, 2023, 11:29 AM IST

জোনাই, ৩০ আগষ্ট : ধেমাজি জিলাৰ অমৰপুৰৰ দিবাং নদীত বুধবাৰে পুৱা প্ৰায় ৮ বজাত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, অমৰপুৰৰ পৰা শদিয়া সদৰলৈ যাত্ৰা কৰা সময়ত দিবাং নদীৰ মাজভাগত সংঘটিত হয় নাও দুৰ্ঘটনাটো ৷ দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত প্ৰায় ৪০ জনতকৈও অধিক লোক থকাৰ উপৰিও এখন মেজিক, টাটা চুমু, বলেৰ’ পিক আপ বাহনৰ লগতে বহু কেইখন মটৰ চাইকেল আছিল ৷ ইয়াৰে মেজিক, টাটা চুমুবাহন কেইখন সম্পূৰ্ণৰূপে পানীত বুৰ যায় ৷ বাতৰি লিখা পৰ্যন্ত নাওখনত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ কোনোধৰণৰ উদ্ধাৰ অভিযান চলা নাই ৷ নাৱৰ মালিকৰ গাফিলিতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷

লগতে পঢ়ক: Inmate dies inside jail: কাৰাগাৰৰ ভিতৰত হাজোতীৰ মৃত্যু; কাৰাগাৰ কৰ্তৃপক্ষলৈ সন্দেহৰ আঙুলি

Last Updated : Aug 30, 2023, 11:29 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.