thumbnail

ধেমাজিত নৱ-নিযুক্ত জিলা বিজেপিৰ সভাপতিক উষ্ম আদৰণি

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 4:26 PM IST

ধেমাজি, 6 ডিচেম্বৰ : ধেমাজিত জিলাৰ নৱ-নিযুক্ত বিজেপিৰ সভাপতিক বিপুল আদৰণি ৷ ঢোলে-দগৰে উষ্ম আদৰণি নতুন সভাপতি ৰূপা কামানক ৷ এক উছৱমুখৰ পৰিৱেশত নতুনকৈ দায়িত্ব লোৱা ধেমাজি জিলা বিজেপিৰ সভাপতি ৰূপা কামানক আজি দলীয় কৰ্মকৰ্তাই উষ্ম আদৰণি জনায় ৷

ধেমাজি কাছাৰী ময়দানত প্ৰথমে দলীয় কৰ্মকৰ্তাসকল সমবেত হয় আৰু এক বিশাল ৰেলীৰে সমগ্ৰ ধেমাজি নগৰ পৰিভ্ৰমণ কৰাৰ অন্তত নলনিপামস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতিগৰাকীয়ে পদাৰ্পণ কৰে ৷ জিলা বিজেপিৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত সভাপতি ৰূপা কামানে ভৰি দিয়াৰ লগে লগে ধৰ্মীয় ৰীতি-নীতিৰে আদৰণি জনোৱা হয় ৷

পিছত সভাপতিগৰাকীয়ে এক বিশাল দলীয় সভাত অংশ লৈ দলীয় কৰ্মকৰ্তাসকলৰ বিপুল সম্বৰ্ধনা গ্ৰহণ কৰে ৷ দলীয় কৰ্মসকলে শৰাই, ফুলাম গামোচা, চেলেং চাদৰেৰে নতুন সভাপতি ৰূপা কামানক উষ্ম আদৰণি জনায় ৷ ইফালে নতুন সভাপতি কামানে জিলাখনত দলৰ কাম-কাজ অধিক ত্বৰান্বিত কৰাৰ বাবে চেষ্টা চলাব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :  জীৱন ভিক্ষা বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জোনাইৰ দুৰ্ভগীয়া যুৱতীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.