উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: বৰ্তমানলৈ সৰ্বমুঠ 10 খন আসনত জয়লাভ বিজেপিৰ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 1:52 PM IST

Updated : Jan 12, 2024, 2:21 PM IST

thumbnail

হাফলং, 12 জানুৱাৰী: আজি অৰ্থাৎ 12 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভোট গণনা । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ হাফলং সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ধনপাইনন থাওচেনৰ জয়লাভ । বিজেপি প্ৰাৰ্থী ধনপাইনন থাওচেন প্ৰতিদ্বন্দী তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী আচিং জেমিক পৰাজিত কৰে। 

ইপিনে মাহুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰবীতা জহৰিৰ জয়লাভ কৰে । বৰাইল সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী গুলমিনলাল লিয়েনথাঙৰ জয়লাভ । জাতিংগা সমষ্টিত প্ৰথম অৱস্থাত কংগ্ৰেছ প্ৰাৰ্থী ৰিভিয়া চিয়েনচাই প্ৰথম অৱস্থাত অগ্ৰগতি লাভ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত জাতিংগা সমষ্টিত বিজেপি প্ৰাৰ্থী ফ্লেমিং চাইলা ৰূপচীৰ জয়লাভ ৷

28 জন সদস্য বিশিষ্ট উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত পৰিষদ গঠনৰ বাবে মেজিক ফিগাৰ হৈছে 15 খন আসন । এই চাৰিটা সমষ্টিত জয়লাভৰ পিচতে 10 খন আসন জয়লাভ কৰি পৰিষদ গঠনৰ দিশে আগবাঢ়িছে বিজেপি । পৰিষদ গঠনৰ বাবে বিজেপিৰ আৰু 5 খন আসন প্ৰয়োজন । 

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ: কাৰ হাতলৈ যাব পৰিষদৰ বাঘজৰী ?

Last Updated : Jan 12, 2024, 2:21 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.