BJP maha jansampark abhiyan:মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলি
🎬 Watch Now: Feature Video
মাজুলী, 26 জুন : মাজুলীত উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলি । সমগ্ৰ দেশতে বিজেপিয়ে ন বছৰীয়া কাৰ্যকাল উদযাপন কৰিবলৈ মহা জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে ৷ অভিযানৰ অংশ হিচাপে বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তা দেশৰ বিভিন্ন ঠাইৰ স্বনামধন্য ব্যক্তিৰ ঘৰলৈ যোৱাৰ কথা ৷ সেই পৰিপ্ৰেক্ষিততেই জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলিয়ে মাজুলীত মহাজনসম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে ৷
মাজুলীৰ ৰাইজৰ আগত চৰকাৰখনৰ ৯ বছৰীয়া কামৰ খতিয়ান দাঙি ধৰে কেন্দ্ৰীয় নেতাগৰাকীয়ে । তেওঁ কয় এই ন বছৰত এই চৰকাৰৰ দিনত দেশৰ লগতে অসমত যি উন্নয়ন হৈছে, এই উন্নয়ন আৰু হওঁক । এই চৰকাৰৰ দিনত মাজুলীত আৰু উন্নয়ন হওঁক, মাজুলীৰ বাবে আৰু কাম হওঁক । মহা জনসম্পৰ্ক অভিযানত অংশ গ্ৰহণ কৰি নলিন কোহলিয়ে পুৱাই এঘৰ গৃহস্থৰ ঘৰত জুতি ল’লে মাজুলীৰ এঠা দৈ আৰু কোমল চাউলৰ । অশান্ত মণিপুৰ সম্পৰ্কত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে নলিন কোহলিয়ে । ইজিপ্ত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা সম্পৰ্কতো তেওঁ কয় মোদী এই সন্মানৰ অধিকাৰী । ইজিপ্ত চৰকাৰে যোগ্যজনক যোগ্য সন্মান প্ৰদান কৰিছে বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক : BJP maha jansampark abhiyan: তুংগত বিজেপিৰ মহা জনসম্পৰ্ক অভিযান, বিশিষ্ট ব্যক্তিৰ ঘৰে ঘৰে বিজেপিৰ কৰ্মকৰ্তা