জীয়াই থকাৰ বাবে চিন্তা কৰক বিৰোধীয়ে; বিধায়ক ৰূপজ্যোতিৰ পৰামৰ্শ - Rupjyoti Kurmi slams Congress

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 6:05 PM IST

যোৰহাট, 21 ডিচেম্বৰ: ‘‘ৰাজনীতি মহাৰণত এইবাৰ বিৰোধীক দেখা নাই ৷ কাৰণ বিৰোধী ঐক্যৰ মাজত এতিয়া যুঁজ-বাগৰ লাগিছে আৰু এজন এজনকৈ নেতাই দল ত্যাগ কৰাত উঠি পৰি লাগিছে ৷ বিৰোধী ঐক্যই বিজেপিক পৰাজিত কৰাৰ চিন্তাক পৰিহাৰ কৰি তেওঁলোক কেনেকৈ জীয়াই থাকিব পাৰি তাৰ কথা চিন্তা কৰা প্ৰয়োজন, কাৰণ গণতান্ত্ৰিক শাসন ব্যৱস্থাত বিৰোধী জীয়াই থকাটো অতি প্ৰয়োজন ৷’’ এই বক্তব্য আগবঢ়াইছে কংগ্ৰেছৰ পৰা জাপ মাৰি বিজেপিৰ বোকোচাত উঠা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

বৃহস্পতিবাৰে যোৰহাটৰ খেল মহাৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়তে সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে বিধায়ক কুৰ্মীয়ে । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰে এঘাৰখন আসন লাভ কৰিব কৈছে যদিও মুখ্যমন্ত্ৰীৰ এই ধাৰণাটোত সামান্য ভুল হৈছে ৷  অসমৰ 14 খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে 13 খন আসন লাভ কৰিব । কাৰণ অসম তথা দেশত উন্নয়ন ধাৰা সৃষ্টি হোৱাৰ লগতে সকলোতে স্বচ্ছতা দেখিবলৈ পোৱা গৈছে ।  

আনহাতে মহিলা কংগ্ৰেছ কৰ্মীক অপদস্থ কৰা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে এয়া কংগ্ৰেছ দলৰ পুৰণি নিয়ম ৷ এয়া ৰিপুন বৰা সভাপতি হৈ থকা দিনৰ পৰা চলি আছিল ৷ লগতে গৌৰৱ গগৈৰ প্ৰসংগত তেওঁ কয় যে, গৌৰৱে নিৰ্বাচন খেলিবলৈ সাহস গোটাব পৰা নাই আৰু যি সমষ্টিতে নিৰ্বাচন খেলিব সেই সমষ্টিতে গৌৰৱ গগৈয়ে পৰাজয় বৰণ কৰিব (Lok Sabha polls 2024) ।

লগতে পঢ়ক: সমষ্টি এটাত সাংসদ অথবা বিধায়ক থাকিলেও আন নেতাই প্ৰাৰ্থিত্ব বিচাৰিব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.